ETV Bharat / state

Drinking Water issue : এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কলিয়াবৰবাসীৰ - কলিয়াবৰ বিধানসভা সমষ্টি

অভিলাষী জল জীৱন আঁচনিয়ে ঢুকি পোৱা নাই কলিয়াবৰ বিধানসভা সমষ্টিৰ সীমামূৰীয়া অঞ্চল বাগৰিত ৷ দেশী-বিদেশী পৰ্য‍টকে গিজ-গিজাই থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সমীপৰ একাংশ বাসিন্দাৰ বিশুদ্ধ খোৱাপানী বিচাৰি হাহাকাৰ ৷ ভোট বৰ্জনৰ হুংকাৰ (Lack of Drinking Water Facilities at Kalibor) ৷

Drinking Water problem
বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ
author img

By

Published : Apr 28, 2023, 9:08 AM IST

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কলিয়াবৰবাসীৰ

কলিয়াবৰ, 28 এপ্ৰিল : বিশুদ্ধ পানী-পথৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱা স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে নাগৰিকে । স্বাধীনতাৰ 76 বছৰৰ পিচতো এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত পাহাৰৰ জুৰিৰ পানীৰে তৃষ্ণা নিবাৰণ কৰিবলৈ বাধ্য হৈছে কলিয়াবৰ বাগৰিৰ 1 নং ৱাৰ্ডৰ বাসিন্দাসকলে । 89 নং কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰৰ পূৱ প্ৰান্তত অৱস্থিত বাগৰিৰ 1 নং ৱাৰ্ডবাসীয়ে স্বাধীনতাৰ 76 বছৰৰ পিচতো চৰকাৰী আচঁনিয়ে আজিকোপতি ঢুকি নাপালে (Drinking water issue in Assam)।

Drinking Water issue
বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এই পাহৰীয়া অঞ্চলটোত নাই কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা । এটুপি খোৱা পানীৰ বাবেই এতিয়া চকুপানী টুকিবলগীয়া হৈছে ৱাৰ্ডটোৰ লোকসকলে । প্ৰায় এক কিলোমিটাৰ দূৰ খোজকাঢ়ি পাহাৰৰ কৰ্দযময় পানীৰেই তৃষ্ণা নিবাৰণ কৰিবলৈ বাধ্য হৈছে গাঁৱবাসীয়ে । চৰকাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন আঁচনিও বগাহাতীত পৰিণত হোৱা পৰিলক্ষিত হৈছে অঞ্চলটোত । নামত আছে বিশুদ্ধ খোৱাপানী যোগানৰ পানীৰ টেপ । কিন্তু বিশুদ্ধ খোৱাপানী নোলায় পানী টেপটোৰ পৰা (Lack of drinking water) ।

Drinking Water problem
বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ

স্বাধীনতাৰ 76 বছৰৰ পিচতো চৰকাৰৰ বিয়াগোম আঁচনিয়ে আজিকোপটি ঢুকি নোপোৱা গাঁওবাসীয়ে প্ৰতিদিনেই পাহাৰৰ পৰা নামনিলৈ বৈ অহা জুৰিৰ পানী সেৱন কৰাৰ ফলত জেষ্ঠ-কনিষ্ঠ সকলোৱে বিভিন্ন বেমাৰত ভুগিবলগীয়া হৈছে । নিৰ্বাচনৰ আগেয়ে অঞ্চলটোত শীঘ্ৰে পানীৰ সমস্যা দূৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া আজিও সেয়া সম্ভৱ হৈ নুঠিল । সেয়ে অনাগত দিনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাওঁবাসীয়ে ।

উন্নয়নৰ শ্ল'গান গোৱা বিজেপি নেতৃত্বাধীন চৰকাৰ জয়ন্তমল্ল বৰুৱাৰ বিভাগৰ এই ফোঁপোলা স্বৰূপটো চকুত পৰিবনে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ । গাঁৱবাসীয়ে লাভ কৰিবলৈ সক্ষম হ’বনে চৰকাৰৰ জল জীৱন আঁচনিৰ বিশুদ্ধ খোৱা পানী সেয়া অনাগত দিনতহে লক্ষণীয় হ’ব (Minister Jayanta Malla Baruah) ।

লগতে পঢ়ক : Loksabha Election 2024 : গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত বিজেপিক প্ৰতিহত কৰাই বিৰোধী শক্তিৰ মূল লক্ষ্য: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.