কলিয়াবৰ, 22 মে’ : ৰাজ্যত আংশিক লকডাউনে দিশহাৰা কৰিছে সাধাৰণ জনতাক । বিশেষকৈ দিন হাজিৰা কৰি পৰিয়াল পোহ-পাল দিয়া লোক সকল এতিয়া একপ্ৰকাৰ সৰ্বস্বান্ত হৈ পৰিছে । এই দুঃসময়তে ঠিকাদাৰৰ শোষণৰ বলি হৈ ইটানগৰৰ পৰা পাহাৰ বগাই স্ব-গৃহত উপস্থিত হ'লহি কলিয়াবৰৰ ২৫ জনকৈ যুৱক ।
ঘটনা অনুসৰি, চৰিফুল আলি আৰু ৰহম আলি নামৰ ঠিকাদাৰ দুজনে কলিয়াবৰৰ কুঠৰীৰ ২৫ জনকৈ যুৱকক কামৰ বন্দোবস্তিৰে ইটানগৰলৈ নিছিল । কিন্তু ইটানগৰত কাম শেষ হোৱাৰ পাচতেই ঠিকাদাৰ দুজনে যুৱককেইজনৰ কামৰ বিনিময়ত পাৰিশ্ৰমিক দিয়াৰ পৰিৱৰ্তে, দাবী-ধমক দি তাৰ পৰা পঠিয়াই দিয়ে । ফলত তেওঁলোকে প্ৰায় ডেৰ-দুমাহকৈ কৰা কামৰ বিনিময়ত একো পাৰিশ্ৰমিক নাপাই লঘোণে-ভোকে কেইবাদিনো ঠিকাদাৰক বিচাৰি কটাবলগীয়া হয় ।
অৱশেষত কাৰো সহায় নোপোৱাত, যুৱক কেইজনে অৰুণাচলৰ দুৰ্গম পাহাৰীয়া পথ অতিক্ৰম কৰি অসম-অৰুণাচলৰ সীমান্তত উপস্থিত হৈ পৰিয়ালৰ লগত যোগাযোগ কৰে । কৰ'ণাৰ এই সংকটৰ সময়ত পৰিয়ালৰ লোকে পঠিয়াই দিয়া গাড়ীত উঠি তেওঁলোকে নিজ গৃহ কুঠৰীত উপস্থিত হয় ।
উল্লেখ্য যে, শনিবাৰে নিজ গৃহত উপস্থিত হৈ যুৱকেইজনে স্থানীয় বাগৰি আৰক্ষী চকীত ঠিকাদাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । আনহাতে, আৰক্ষীয়ে ঠিকাদাৰ কেইজনক বিচাৰি তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক : ১৮ টাকৈ হাতীৰ মৃত্যুৰ ৰহস্য: আজিও ৰাজহুৱা হোৱা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন