নগাঁও, 19 চেপ্টেম্বৰ : শনিবাৰে বিতৰ্কিত কৃষি বিধেয়ক লোকসভাত গৃহীত কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কৃষ্ণাইখাটত কৃষক মুক্তিৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰা হয় ৷ ইপিনে 2021 চনত কোনো কাৰনতেই বিজেপিক ক্ষমতালৈ আহিব নিদিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷
বিতৰ্কিত কৃষি বিধেয়ক লোকসভাত গৃহীত কৰাৰ লগতে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কৃষক নীতিৰ তীব্ৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰী সকলে । ইপিনে কৃষকক উপযুক্ত সন্মান প্ৰদানৰ দাবী উত্থাপন কৰি পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ ভাবুকি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক : নিজ কন্যাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ পিতৃ