ETV Bharat / state

থলুৱা ব্যঞ্জনেৰে অটো চালকৰ ঘৰত ভাত খালে কিৰেণ ৰিজিজুৱে

author img

By

Published : Sep 23, 2022, 5:23 PM IST

এদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰত উপস্থিত হৈ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । কলিয়াবৰৰ এগৰাকী ৰাজকুমাৰ হাজৰিকা নামৰ অটো চালকৰ ঘৰত দুপৰীয়া আহাৰ গ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে (Kiren Rijiju at Kaliabor)। অটো চালকৰ ঘৰত কি কি থলুৱা ব্যঞ্জনৰ জুতি ল'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ?

Kiren Rijiju
থলুৱা ব্যঞ্জনেৰে অটো চালকৰ ঘৰত ভাত খালে কিৰেণ ৰিজিজুৱে

কলিয়াবৰ,২৩ ছেপ্টেম্বৰ : কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৰ মহানুভৱতা । নগাঁও জিলাৰ কলিয়াবৰৰ অটো চালকৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Kiren Rijiju shared lunch at Auto driver home)। অটো চালকৰ পৰিয়ালেও নানান থলুৱা ব্যঞ্জনেৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আপ্যায়ন কৰিলে ।

উল্লেখ্য যে এদিনীয়া ভ্ৰমণসূচীৰে কলিয়াবৰত পুৱাই উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু (Kiren Rijiju Kaliabor visit)। ভড়ালী নামঘৰত সেৱা আগবঢ়াই কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে জখলাবন্ধাৰ মিলন সংঘত এখন দলীয় সভাত অংশগ্ৰহণ কৰে । ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে জখলাবন্ধাৰ ঢেকীয়াল গাঁৱৰ ৰাজকুমাৰ হাজৰিকাৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ।

জখলাবন্ধাত অটো চলাই চাৰিজনীয়া পৰিয়াল পোহপাল দিয়া ৰাজকুমাৰ হাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আগমনত আনন্দিত হৈ পৰে । আগতীয়াকৈ মন্ত্ৰীগৰাকীৰ আগমনৰ খবৰ পাইয়ে পুৱাৰে পৰা ব্যস্ত হৈ পৰে ৰাজকুমাৰ আৰু তেওঁৰ পৰিয়াল । বজাৰৰ পৰা ছাগলী মাংস, মুৰ্গী মাংস, মাছৰ লগতে থলুৱা মাহৰ গুৰি, বেহুৱালৈকে সকলো যোগাৰ কৰে ৰাজকুমাৰে ।

উল্লেখ্য যে, যোৱা ১৪ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা জখলাবন্ধালৈ আহোঁতে ৰাজকুমাৰ হাজৰিকাই মনৰ কথা লিখি এখন পত্ৰ দিছিল । প্ৰায় ২৫ বছৰ ধৰি সক্ৰিয়ভাৱে বিজেপি কৰ্মী হিচাপে সেৱা আগবঢ়োৱা ৰাজকুমাৰ হাজৰিকাৰ পৰিয়ালে বৰ্তমানলৈকে কোনোধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম নহ'ল । কিন্তু ইয়াৰ পিছতো শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ ঘৰত আহাৰ গ্ৰহণ কৰাত আনন্দিত হৈ পৰে ৰাজকুমাৰৰ পৰিয়াল । মন্ত্ৰীগৰাকীয়েও ৰাজকুমাৰ হাজৰিকাৰ আতিথ‍্যৰ শলাগ লোৱাৰ লগতে থলুৱা আহাৰ গ্ৰহণ কৰি আনন্দিত হৈ পৰে ।

লগতে পঢ়ক :সৰুপথাৰত মুকলি প্ৰথমটো প্ৰসূতি অস্ত্ৰোপচাৰ কক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.