ETV Bharat / state

তথ্যচিত্ৰ নিৰ্মাণৰ বাবে অসমত উপস্থিত প্ৰখ্যাত ক্ৰিকেটাৰ কেভিন পিটাৰছন

author img

By

Published : Mar 4, 2020, 7:20 PM IST

সাম্প্ৰতিক কালৰ এগৰাকী প্ৰখ্যাত বন্যপ্ৰাণী সংৰক্ষক তথা ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছন বুধবাৰে উপস্থিত হয় অসমত ৷ পোনপ্ৰথমে গুৱাহাটীত উপস্থিত হৈ অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক সাক্ষাৎ কৰাৰ লগতে পৰৱৰ্তী সময়ত খেলুৱৈগৰাকী গৈ উপস্থিত হয় কাজিৰঙাত ৷

অসমত উপস্থিত প্ৰখ্যাত ক্ৰিকেটাৰ কেভিন পিটাৰছন

গুৱাহাটী আৰু কলিয়াবৰ, 4 মাৰ্চ : বন্যপ্ৰাণী-মানৱ সংঘাতৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণৰ বাবে অসমত আহি উপস্থিত হৈছে ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছন ৷ নেশ্বনেল জিঅ'গ্ৰাফিক ইণ্ডিয়াৰ সহযোগত এইদৰে বন্যজন্তু তথা এশিঙিয়া গঁড়ৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ এইদৰে অসমত উপস্থিত হয় তাৰকা খেলুৱৈ তথা সাম্প্ৰতিক সময়ৰ অন্যতম গঁড় সংৰক্ষকগৰাকী ৷

নেশ্বনেল জিঅ'গ্ৰাফিক ইণ্ডিয়াৰ সহযোগত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত তথ্যচিত্ৰ দৃশ্যগ্ৰহণ কৰিব প্ৰাক্তন তাৰকা খেলুৱৈগৰাকীৰ লগতে তেওঁৰ দলে ৷

গুৱাহাটীত উপস্থিত হৈয়ে খেলুৱৈগৰাকীয়ে সাক্ষাৎ কৰে অসমৰ বন তথা পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক ৷ পৰিমল শুক্লবৈদ্যক সাক্ষাৎ কৰি অসমত গঁড় সংৰক্ষণৰ লগতে বন্যপ্ৰাণী সংৰক্ষণত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কে বুজ লয় পিটাৰছনে ৷

গুৱাহাটীৰ পৰা পোনে পোনে কাজিৰঙালৈ ৰাওনা হয় কেভিন আৰু তেওঁৰ দল ৷ দলটোৱে প্ৰথমে কলিয়াবৰত উপস্থিত হোৱাৰ লগতে কলিয়াবৰ নতুন ডাঙ্গাৰ কাৰ্বি এথনিক ফুড ভিলেজ 'চোৰাম এহেম'ত দৃশ্যগ্ৰহণ সম্পন্ন কৰে ৷ 'চোৰাম এহেম'ত দৃশ্যগ্ৰহণ কৰাৰ উপৰিও কাৰ্বি পৰম্পৰাগত খাদ্যসম্ভাৰৰ জুতিও গ্ৰহণ কৰে কেভিন পিটাৰছনে ৷

কেভিন পিটাৰছন আৰু তেওঁৰ দলটোক সংগ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক এচ. শিৱকুমাৰৰ লগতে কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওঁগে ৷

উল্লেখ্য যে, মানৱ-বন্যপ্ৰাণীৰ মাজত সংঘাত, মানুহক সহায় কৰিব পৰা প্ৰযুক্তি আৰু গঁড় হত্যা প্ৰতিৰোধৰ বাবে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে দৃশ্যগ্ৰহণ কৰিব কেভিন পিটাৰছন আৰু তেওঁৰ দলে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.