নগাঁও, 15 মে': গুৱাহাটীত সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত বুধবাৰে নিশা উপস্থিত হয় অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত ৷
লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তৰ পৰাই অগপ দল আৰু দলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত মাজত সৃষ্টি হৈছিল কিছু সংঘাত ৷ CABৰ বিৰোধিতা আৰু বিজেপিৰে মিত্ৰতাৰ বিৰোধিতা কৰি প্ৰফুল্ল কুমাৰ মহন্তই অগপৰ হৈ কৰা নাছিল কোনো নিৰ্বাচনী প্ৰচাৰ ৷ আনকি নিজেও ভোট বৰ্জন কৰি CABৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ মহন্তৰ এই সিদ্ধান্তৰ বাবেই ক্ষুন্ন হৈছিল অগপ দলৰ নেতৃত্ব ৷ দলটোৰ সাধাৰণ পৰিষদৰ বৈঠক সমাপ্ত হোৱাৰ পিছত প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত মন্ত্ৰী কেশৱ মহন্ত উপস্থিতিৰ বিষয়টোৱে বহন কৰিছে তাৎপৰ্য ৷ অৱশ্যে সাংবাদিকৰ প্ৰশ্নত মহন্তৰ বাসভৱনৰ এক পাৰ্বনতহে উপস্থিত হোৱা বুলি জানিবলৈ দিছে মন্ত্ৰী কেশৱ মহন্তই ৷