ETV Bharat / state

কলিয়াবৰত "ঘৰে-ঘৰে নল সংযোজিত পানী যোগান আঁচনি"ৰ শুভাৰম্ভণি - Nagaon district

মঙলবাৰে কলিয়াবৰত "ঘৰে-ঘৰে নলী সংযোজিত পানী যোগান আঁচনি"ৰ শুভাৰম্ভণি কৰে স্বাস্থ‍্যমন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্ত(Keshab Mahanta)ই । জল জীৱন মিছনৰ অধীনত প্ৰতিটো পৰিয়ালকে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ উদ্দেশ্যেৰে এই আঁচনি গ্ৰহণ কৰা হৈছে ।

Jal Jeewan Mission Starts at Kaliabor
কলিয়াবৰত "ঘৰে-ঘৰে নলী সংযোজিত পানী যোগান আঁচনি"ৰ শুভাৰম্ভণি
author img

By

Published : Aug 31, 2021, 8:31 PM IST

কলিয়াবৰ, ৩১ আগষ্ট : অসমৰ প্ৰতিটো পৰিয়ালকে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ উদ্দেশ্যেৰে জল জীৱন মিছনৰ অধীনত মঙলবাৰে প্ৰথম পৰ্যায়ত "ঘৰে-ঘৰে নলী সংযোজিত পানী যোগান আঁচনি"ৰ সম্প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় । মঙলবাৰে কলিয়াবৰত পানী যোগান আঁচনিৰ শুভাৰম্ভণি কৰে স্বাস্থ‍্য মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ বিধায়ক কেশৱ মহন্ত(Keshab Mahanta)ই ।

কলিয়াবৰত "ঘৰে-ঘৰে নলী সংযোজিত পানী যোগান আঁচনি"ৰ শুভাৰম্ভণি

এই অভিলাষী আঁচনিৰ অধীনত অসমৰ প্ৰতিটো সমষ্টিত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা পানী যোগান আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । ২০২৪ চনৰ ভিতৰত ৰাজ্যৰ প্ৰতিটো পৰিয়ালকে পৰ্যাপ্ত পৰিমাণৰ আৰু বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে 'জল জীৱন মিছন'ৰ কাম আৰম্ভ কৰিছে ।

প্ৰথম পৰ্যায়ত মঙলবাৰে কেইবাখনো আঁচনিৰ শুভাৰম্ভণি কৰা হয় । চৰকাৰী তথ‍্য মতে, অসমত প্ৰায় আঠ লাখ ঘৰত জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে । অসমত এই আঁচনি সফলভাৱে ৰূপায়ণ কৰাৰ বাবে ৫৬০১.১৬ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে । ইতিমধ‍্যে ৩২৭৭ কোটি টকাৰ ব্যয় সাপেক্ষে প্ৰথম পৰ্যায়ৰ কাম সমাপ্ত হৈছে আৰু সেয়ে, মঙলবাৰে ৰাজ‍্যজুৰি সম্প্ৰদান অনুষ্ঠান আয়োজিত হৈছে ।

উল্লেখ্য যে, অসমৰ বহু গাঁৱত এতিয়াও এটুপি বিশুদ্ধ পানীৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগীয়া হয় । নদী-খালৰ লেতেৰা পানীৰে তৃষ্ণা নিবাৰণ কৰে নৈ পৰীয়া বহু লোকে । এনে পৰিপ্ৰেক্ষিতত জল জীৱন মিছন এই লোকসকলৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে । যদি "ঘৰে-ঘৰে নলী সংযোজিত পানী যোগান আঁচনি" সফলভাৱে ৰূপায়ণ হয়, তেন্তে এটা মূল সমস্যা সমাধান হ'ব ।

লগতে পঢ়ক:বেদখলকাৰীৰ কবলত সৰুচলা-বৰচলা বিল...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.