ETV Bharat / state

কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ সাহায্য বিতৰণ

চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হোৱা পৰিয়াল সমূহৰ মাজত মন্ত্ৰী কেশৱ মহন্তৰ সাহায্য বিতৰণ ৷ 9 এপ্ৰিলত শুভাৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে কলিয়াবৰ মহকুমাৰ ৰেচন কাৰ্ড নথকা পৰিয়ালৰ মাজত বিতৰণ কৰা হৈছে এই সামগ্ৰী ৷

author img

By

Published : May 4, 2020, 12:43 PM IST

Keshab Mahanta Distributed Food at Kaliabor
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ সাহায্য বিতৰণ

কলিয়াবৰ, 4 মে' : সোমবাৰৰ পৰা দেশত আৰম্ভ তৃতীয় পৰ্যায়ৰ লক্ ডাউন ৷ লক্ ডাউনৰ আৰম্ভণিৰ পৰা খাদ্য সংকটত ভোগা লোক সকলক সহায়ৰ হাত আগবঢ়াই আহিছে চৰকাৰ, প্ৰশাসন তথা হৃদয়বান লোকে ৷

কলিয়াবৰতো চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হোৱা পৰিয়াল সমূহক সহায়ৰ হাত আগবঢ়াই আহিছে কলিয়াবৰৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷

নগাঁও আৰু শোণিতপুৰ জিলাত কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে কলিয়াবৰ মহকুমাৰ আমগুৰি পঞ্চায়তৰ পৰা আৰম্ভ কৰে সাহায্য বিতৰণ কাৰ্যসূচীৰ ৷

সোমবাৰে পুনৰবাৰ মাজ-পূৱথৰীয়া আৰু পূৱ-পূৱথৰীয়া পঞ্চায়তৰ কেইবাখনো গাঁৱৰ পৰিয়ালৰ মাজত মন্ত্ৰী গৰাকীয়ে বিতৰণ কৰে খাদ্য সামগ্ৰী ৷

উক্ত সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ, আৰক্ষী বিষয়া মৃণ্ময় দাস তথা মহকুমাটোৰ পঞ্চায়ত প্ৰতিনিধিৰ বহুবোৰ সদস্য ৷

উল্লেখযোগ্য যে, ৰেচন কাৰ্ড নথকা পৰিয়ালৰ লগতে যি সমূহ পৰিয়ালে চৰকাৰী 1000 টকাৰ সাহায্য লাভ কৰা নাছিল সেই সমূহ পৰিয়ালৰ মাজত বিতৰণ কৰে এই সামগ্ৰী ৷ বৰ্তমানলৈ 123 খন গাঁৱৰ পৰিয়ালৰ মাজত বিতৰণ কৰিছে এই সামগ্ৰী ৷

লগতে পঢ়ক : তেজপুৰত আদৰণি এম্বুলেঞ্চত উদ্ধাৰ গাঞ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.