ETV Bharat / state

খাদ্য বিচাৰি জনাঞ্চলত অবাধ বিচৰণ কাজিৰঙাৰ জীৱকূলৰ - কাজিৰঙাৰ জীৱকূল

পুনৰ শণিবাৰে পুৱাৰে পৰা কুঠৰী অঞ্চলৰ বাঘমাৰীত ৰাষ্ট্ৰীয় পথৰ গাতে লাগি থকা জলাশয়ত এটা গঁড়ে অৱস্থান লৈ আছে । ভোকাতুৰ বয়ষ্ক আৰু অসুস্থ গঁড়টোক খাদ‍্য আৰু ভিটামিনৰ যোগান ধৰাৰ লগতে নিৰীক্ষণ কৰি আছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

Kaziranga National Park'
কলিয়াবৰ
author img

By

Published : Jul 18, 2020, 7:37 PM IST

কলিয়াবৰ, 18 জুলাইঃ বিশ্ব ঐতিহ‍্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍্যঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভাগৰ জলস্তৰ হ্ৰাস হৈছে যদিও কমা নাই জীৱকূলৰ বিপদ। খাদ্যৰ অভাৱত জীৱকূল এতিয়া দিশহাৰা। খাদ্য বিচাৰি জনাঞ্চলত অবাধ বিচৰণ জীৱকূলৰ ।

খাদ্য বিচাৰি জনাঞ্চলত অবাধ বিচৰণ কাজিৰঙাৰ জীৱকূলৰ

লগতে পঢ়কঃ মণিপুৰ আৰক্ষীৰ অতিৰিক্ত মহানিৰ্দেশকৰ আত্মহত্যাৰ চেষ্টা

ৰাষ্ট্ৰীয় উদ্যানখনত খাদ্যৰ অভাৱ হোৱাৰ বাবে উদ্যানখনৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আশে-পাশে অৱস্থান লৈছে বিশেষকৈ পহু,হাতী আৰু গঁড়ে। পুনৰ শনিবাৰে পুৱাৰে পৰা কুঠৰী অঞ্চলৰ বাঘমাৰীত ৰাষ্ট্ৰীয় পথৰ গাতে লাগি থকা জলাশয়ত এটা গঁড়ে অৱস্থান লৈ আছে । ভোকাতুৰ বয়ষ্ক আৰু অসুস্থ গঁড়টোক খাদ‍্য আৰু ভিটামিনৰ যোগান ধৰাৰ লগতে নিৰীক্ষণ কৰি আছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । গঁড়টোৰ সুৰক্ষাৰ বাবে যান-বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰিছে বনৰক্ষী আৰু আৰক্ষী প্ৰশাসন। বিয়লি বেলালৈ গঁড়টো কিছু সুস্থ হৈ ঘাঁহ খাইছে যদিও বৰ্তমানেও উক্ত স্থান পৰিত্যাগ কৰা নাই গঁড়টোৱে।

ইতিপূৰ্বে শুকুৰবাৰে কলিয়াবৰ মহকুমা অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ৩৭নং ৰাষ্ট্ৰীয় পথত অৱস্থান লৈছিল গঁড়ে । লগে লগে স্তব্ধ হৈ পৰে দুই পাৰৰ যান-বাহন। অৱশ‍্যে গঁড়টোৱে কাৰো ক্ষতি নকৰাকৈ প্ৰায় দুঘণ্টা মানৰ অন্তত কাজিৰঙাৰ হাবিৰ ফালে ধীৰ খোজেৰে গতি কৰে। বানত বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা গঁড়টো ওলাই আহিছিল বুলি অৱগত কৰে বন বিভাগে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.