নগাঁও, 6 নৱেম্বৰঃ বুধবাৰে আনুষ্ঠানিকভাবে মুকলি হ'ল কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জ ৷ পৰ্যটকৰ সকলৰ বাবে বুধবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মুকলি কৰি দিয়ে বুঢ়াপাহাৰ ৰেঞ্জ। উদ্যানখনৰ বনাঞ্চলিক বিষয়া,কাজিৰঙাৰ সঞ্চালক,স্থানীয় প্ৰশাসনৰ উপস্থিতিত কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে আনুষ্ঠানিকভাৱে মুকলি কৰে বুঢ়াপাহাৰ ৰেঞ্জ।
বিগত ১২ অক্টোবৰত উদ্যানখনৰ কঁহৰা,বাগৰি আৰু ১ নবেম্বৰত অগৰাতলি বনাঞ্চল মুকলি হোৱাৰ পিচতে বুধবাৰে পৰ্যটকৰ বাবে মুকলি কৰা হ'ল চতুৰ্থটো পৰিদৰ্শন কেন্দ্ৰ বুঢ়াপাহাৰ বনাঞ্চল ।বুঢ়াপাহাৰ ৰেঞ্জত হাতী চাফাৰী আৰু জীপ চাফাৰী দুয়োটা ব্যৱস্থাই উপলব্ধ হ'ব বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে । বিগত বছৰসমূহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি বুঢ়াপাহাৰ ৰেঞ্জটো নতুনকৈ মুকলি কৰিছে কৰ্তৃপক্ষই । যাৰ জৰিয়তে কলিয়বৰৰ পৰ্যটন আনুসংগিক দিশসমূহৰো উন্নয়ন হ'ব বুলি কলিয়াবৰ মহকুমা প্ৰশাসনে আশা প্ৰকাশ কৰিছে।
![KAZIRANGA NATIONAL PARK BURHAPAHAR RANGE OPENING ASSAM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4977156_kaziranga.jpg)
লগতে চাওকঃ ১১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাউলীত ৰাস মহোৎসৱঃ প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃন্ময় শিল্পী