ETV Bharat / state

ভূমিৰ অবৈধ বেদখলৰ বিৰুদ্ধে কামপুৰ গুইমাৰীত সংবাদ মেল

author img

By

Published : Jun 4, 2021, 1:15 PM IST

নগাঁও জিলাৰ ৰহা সমষ্টিৰ বগলাজান পঞ্চায়তৰ বিভিন্ন স্থানত সন্দেহযুক্ত লোকৰ দ্বাৰা ভূমি বেদখল কৰি অহাৰ এক অভিযোগ উঠিছে । অঞ্চলটোত বেদখলমুক্ত কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী হিন্দু জাগৰণ মঞ্চ আৰু বিশ্ব হিন্দু পৰিষদৰ নগাঁও জিলা সমিতিৰ ।

press meet
ভূমিৰ অবৈধ বেদখলৰ বিৰুদ্ধে কামপুৰ গুইমাৰীত সংবাদ মেল

বঢ়মপুৰ,৪ জুন: অসমৰ বিভিন্ন স্থানত অচিনাক্ত লোকৰ দ্বাৰা ভূমিৰ অবৈধ বেদখল অব্যাহত আছে । নগাঁও জিলাৰ ৰহা সমষ্টিৰ বগলাজান পঞ্চায়তৰ বিভিন্ন স্থানতো সন্দেহযুক্ত লোকৰ দ্বাৰা ভূমি বেদখল কৰি অহাৰ এক অভিযোগ উঠিছে ।

এই ঘটনাকলৈ সৰৱ হৈছে বিভিন্ন দল সংগঠন । বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈ কামপুৰৰ গুইমাৰী যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হয় এক সংবাদ মেলৰ । হিন্দু জাগৰণ মঞ্চ নগাঁও জিলা সমিতি আৰু বিশ্ব হিন্দু পৰিষদৰ নগাঁও জিলা সমিতিৰ বিষয় ববীয়াসকল উপস্থিত থাকে এই সংবাদমেলত ।

সংবাদমেলৰ জৰিয়তে বগলাজান পঞ্চায়তক সন্দেহযুক্ত অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ প্ৰশাসন তথা চৰকাৰক আহ্বান সংগঠন কেইটাৰ । ইফালে গুইমাৰী বৃহত্তৰ অঞ্চলত কোনো বহিৰাগত লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব বুলিও সংবাদমেলত ৰাইজক আহ্বান জনায় সংগঠনকেইটাই ।

লগতে পঢ়ক:পুনৰ বন্ধ হৈ পৰিব নেকি শৰাইঘাটৰ পুৰণি দলং ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.