ETV Bharat / state

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি কামপুৰত উত্তেজনা - ভাৰতীয় দণ্ডবিধি আইন

মায়া দাসৰ পিতৃ পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি উল্লেখ কৰিছে ৷ মায়া দাসৰ স্বামী নয়ন নাথ আৰু পৰিয়ালৰ লোকে দীৰ্ঘদিন ধৰি মায়া দাসক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ কৰিছে পিতৃ পৰিয়ালৰ লোকে ৷

KAMPUR MURDRE CASE
কামপুৰত নিশা বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা
author img

By

Published : Feb 16, 2021, 8:09 PM IST

নগাঁও, 16 ফেব্ৰুৱাৰী : নগাঁও জিলাৰ কামপুৰ দৰঙ্গীয়াল গাঁৱত সোমবাৰে নিশা এগৰাকীৰ বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয় । বোৱাৰীগৰাকী নিশা শুৱনী কোঠাৰ বিচনাত অচেতন অৱস্থাত উদ্ধাৰ হয় । লগে লগে বোৱাৰীগৰাকীৰ স্বামীয়ে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৃত বোৱাৰীগৰাকীৰ মায়া দাস বুলি জানিব পৰা হৈছে ।

KAMPUR MURDRE CASE
কামপুৰত নিশা বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা

মায়া দাসৰ পিতৃ পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি উল্লেখ কৰিছে ৷ মায়া দাসৰ স্বামী নয়ন নাথ আৰু পৰিয়ালৰ লোকে দীৰ্ঘদিন ধৰি মায়া দাসক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ কৰিছে পিতৃ পৰিয়ালে ৷ ইতিমধ্যে মায়া দাসৰ পিতৃ পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত কামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । কামপুৰ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত 120 b/302 ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । আনহাতে মায়া দাসৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাঃ প্ৰতিখন জিলাৰ পৰা পূজাৰ বতৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.