ETV Bharat / state

ঋণ দিয়াৰ নামত প্ৰৱঞ্চনাঃ ৰাইজৰ হাতত আবদ্ধ প্ৰৱঞ্চক

কামপুৰত ঋণ দিয়াৰ নামত প্ৰৱঞ্চনাৰে মাইক্ৰ ফাইনেঞ্চ কোম্পানীৰ লুণ্ঠন ৷ ধন নিবলৈ আহি ৰাইজৰ হাতত আবদ্ধ হ'ল প্ৰৱঞ্চক ৷

ৰাইজৰ হাতত আবদ্ধ প্ৰৱঞ্চক
ৰাইজৰ হাতত আবদ্ধ প্ৰৱঞ্চক
author img

By

Published : Jan 12, 2021, 1:42 PM IST

Updated : Jan 12, 2021, 2:28 PM IST

কামপুৰ,12 জানুৱাৰীঃ নগাঁৱৰ কামপুৰত ঋণ দিয়াৰ নামত প্ৰৱঞ্চনাৰে মাইক্ৰফাইনেঞ্চ কোম্পানীৰ লুণ্ঠন ৷ ধন নিবলৈ আহি ৰাইজৰ হাতত আবদ্ধ হ'ল এটা প্ৰৱঞ্চক ৷ ৰাজ্য চৰকাৰে মাইক্ৰ ফাইনেঞ্চ কোম্পানীক যিমানেই নাকী লগাবলৈ চেষ্টা নকৰক কিয় সাধাৰণ জনতাক লুটি পুটি খাইছে মাইক্ৰফাইনেঞ্চ কোম্পানী সমূহে ৷ এইবাৰ মাইক্ৰফাইনেঞ্চ কোম্পানীৰ ঋণ দিয়াৰ নামত ধন সংগ্ৰহ কৰা এটা প্ৰৱঞ্চকক আবদ্ধ কৰিলে ৰাইজে ৷

ঋণ দিয়াৰ নামত প্ৰৱঞ্চনাঃ ৰাইজৰ হাতত আবদ্ধ প্ৰৱঞ্চক

জানিব পৰা মতে শিলচৰৰ চন্দ্ৰবংশী নিধি লিমিটেড নামৰ মাইক্ৰফাইনেঞ্চ কোম্পানীৰ বুলি চিনাকী দি আমিনুল ইছলাম নামৰ যুৱকজনে কামপুৰ তেতেলিসৰাৰ বিভিন্ন স্থানৰ ৫০ গৰাকী মহিলাক ঋণ দিয়াৰ নামত ২৬০০ টকাকৈ জমা দিবলৈ কয় ৷ ইতিমধ্যে ২২ গৰাকী মহিলাই ৫০০ টকাকৈ জমা দিয়া এটা বছৰ পাৰ হোৱাৰ পাছতো ঋণ লাভ নকৰাত পুনৰ ধন দিয়াৰ পলোভন দি ৰাইজে আবদ্ধ কৰিলে প্ৰৱঞ্চক আমিনুল ইছলামক ৷ পাবলগীয়া ধন ঘূৰাই নিদিলে আৰক্ষী প্ৰশাসনৰ সহায় লোৱাৰ কথা উল্লেখ কৰিলে ভুক্তভোগী মহিলা সকলে ৷
লগতে চাওকঃ ডুমডুমাত চিকিৎসাকৰ্মীক আক্ৰমণৰ অভিযোগ

Last Updated : Jan 12, 2021, 2:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.