কামপুৰ,26 অক্টোবৰ: কামপুৰত আকৌ ভয়ংকৰ বান। বছৰৰ অষ্টমটো বানে পুনৰ সন্ত্ৰাস সৃষ্টি কৰিছে কামপুৰত, কালৰূপ ধাৰণ কৰিছে বৰপানী নৈয়ে । দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুনৰ ফলত পুনৰ উফন্দি উঠিছে বৰপানী নৈৰ বুকু ৷ কচুৱা, মাধৱপাৰাৰ ভগ্ন মাথাউৰিৰে হোৰাহোৰে সোমাইছে পানী । তাৰ ফলত কচুৱা,ৰমনিপথাৰকে ধৰি পাঁচ খনকৈ গাঁও বানৰ কবলত। প্লাবিত বিস্তৃৰ্ণ কৃষি পথাৰ ৷
বানে পুনৰ সন্ত্ৰাস চলোৱাত মূৰে কঁপালে হাত দিছে কৃষক সকলে । আনহাতে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত হোৱা বিসংগতি ফলত বিগত কিছু দিন ধৰি গেট খোলা হৈ থকাত দ্ৰুতগতিত বৃদ্ধি পাইছে বৰপানী নৈৰ জলপৃষ্ঠ ।
লগতে পঢ়ক: সংবাদমেল পাতি টিংখাং যুৱ কংগ্ৰেছৰ উপ-সভাপতি, সম্পাদকৰ পদত্যাগ