ETV Bharat / state

প্ৰকৃতিপ্ৰেমৰ উৎকৃষ্ট নিদৰ্শনঃ যুৱকৰ তৎপৰতাত ৰক্ষা পৰিল বগলী - ফ্ৰেণ্ডশ্বীপ ফৰ এনিমেলচ্‌

পৰিৱেশ কৰ্মী তথা ফ্ৰেণ্ডশ্বীপ ফৰ এনিমেলচ্‌ৰ কৰ্মী দেৱশীষ কাকতিৰ বগলীৰ প্ৰাণ ৰক্ষাৰ এক ভিডিঅ’ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই কলিয়াবৰ আৰক্ষী আৰু বন বিভাগৰ সহযোগত বগলীটো উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷ মহকুমাধিপতি বিতুপন নেওগৰ উদ্যোগত মহকুমা প্ৰশাসনে সম্বৰ্ধনা জনায় দেৱাশীষক ৷

কলিয়াবৰত প্ৰকৃতিপ্ৰেমীৰ উৎকৃষ্ট নিদৰ্শন
author img

By

Published : Oct 18, 2019, 9:19 AM IST

কলিয়াবৰ, 18 অক্টোবৰঃ কলিয়াবৰৰ পক্ষীতীৰ্থ জয়সাগৰ দলনীত দুষ্কৃতিকাৰীৰ বগলী নিধনৰ চেষ্টা ৷ আঘাটপ্ৰাপ্ত বগলীটোক উদ্ধাৰৰ ভিডিঅ’ ছোছিয়েল মিডিয়াত ভাইৰেল কৰিছিল এজন প্ৰকৃতিপ্ৰেমীয়ে ৷ যি ভিডিঅ’ প্ৰচাৰ পিছতেই তৎপৰ হৈ পৰিছে বন বিভাগৰ লগতে বিভিন্ন প্ৰকৃতি প্ৰেমী ৷ পৰিৱেশ কৰ্মী তথা ফ্ৰেণ্ডশ্বীপ ফৰ এনিমেলচ্‌ৰ কৰ্মী দেৱশীষ কাকতিৰ এই ভিডিঅ’ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই কলিয়াবৰ আৰক্ষী আৰু বন বিভাগৰ সহযোগত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় বগলীটো ৷ মহকুমাধিপতি বিতুপন নেওগৰ উদ্যোগত মহকুমা প্ৰশাসনে এই কাৰ্যৰ বাবে সম্বৰ্ধনা জনায় দেৱাশীষক ৷

প্ৰকৃতিপ্ৰেমীৰ উৎকৃষ্ট নিদৰ্শন

উল্লেখ্য যে, কলিয়াবৰৰ জয়সাগৰ দলনী বহু পৰিভ্ৰমী পক্ষীৰ ভ্ৰমণস্থলী ৷ শীতৰ আগমণৰ লগে-লগে প্ৰতি বছৰে হাজাৰ-হাজাৰ পৰিভ্ৰমী চৰায়ে ভিৰ কৰেহি ৷ প্ৰকৃতিপ্ৰেমী বেচৰকাৰী অনুষ্ঠান "ফ্ৰে'ণ্ডশ্বীপ ফৰ এনিমেলচ্"এ "ডব্লিউ ডব্লিউ এফ"ৰ সহযোগত জয়সাগৰ দলনীক প্ৰায় শতাধিক পক্ষীৰ বাসস্থান ৰূপে আৱিস্কাৰ কৰা হৈছে ৷ যাৰ বেছিভাগেই শীতকালৰ পৰিভ্ৰমী চৰাই ৷ বিভিন্ন দেশী-বিদেশী পক্ষীৰ কলৰৱত মুখৰিত জয়সাগৰ দলনী কলিয়াবৰৰ এক পৰ্য‍টন ক্ষেত্ৰ হোৱাৰ উপযুক্ত সমল হিচাপে গঢ় দিছে ৷ কিন্তু কিছুসংখ্যক দুষ্কৃতিকাৰীৰ পক্ষী নিধন আৰু ভূমি বেদখলৰ ফলত সম্প্ৰতি ভাৱুকি আহিছে এইসমূহ পৰিভ্ৰমী চৰাইলৈ ৷ এনেক্ষেত্ৰত ফ্ৰে'ণ্ডশ্বীপ ফৰ এনিমেলচ্ প্ৰতিষ্ঠানটো আৰু তাৰ সদস্য দেৱশীষ কাকতিৰ এই পদক্ষেপক আদৰণি জনাইছে সমূহ কলিয়াবৰবাসীয়ে ৷

Intro:কলিয়াবৰৰ পক্ষীতীৰ্থ জয়সাগৰ দলনিত দুষ্কৃতিকাৰীৰ পক্ষী নিধনৰ চেষ্টা

সচেতন যুৱকৰ প্ৰচেষ্টাত প্ৰাণ ৰক্ষা পৰিল আঘাটপ্ৰাপ্ত বগলীটো

সামাজিক মাধ‍্যম ফেছবুকত পৰিৱেশ কৰ্মী তথা ফ্ৰেণ্ডশ্বীপ ফৰ এনিমেলচ্‌ৰ কৰ্মী দেৱশীষ কাকতিৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিচতেই কলিয়াবৰ মহকুমাৰ তৎপৰতাত কলিয়াবৰ আৰক্ষী আৰু বন বিভাগৰ সহযোগত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে বগলীটো

মহকুমাধিপতি বিতুপন নেওগৰ উদ‍্যোগত মহকুমা প্ৰশাসনে সম্বৰ্দ্ধনা জনালে দেৱাশীষক। মহকুমাধিপতিৰয়বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কৰা প্ৰচেষ্টাক ভূয়ষী প্ৰশংসা
শলগ ল'লে প্ৰকৃতিপ্ৰেমী কলিয়াবৰীয়া ৰাইজেBody:জয়সাগৰ দলনি, কলিয়াবৰ মহকুমাৰ এক জৈৱ-বৈচিত্ৰৰে ভৰপূৰ এক জলাশয়। দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণ স্থলী জলাশয়টো কলিয়াবৰৰ ঐতিহাসিক সমল ৰূপে চিহ্নিত হৈছে।

উল্লেখযোগ‍্য যে, কলিয়াবৰৰ জয়সাগৰ দলনি বেদখলৰ কৱলত পৰিছে যদিও প্ৰাকৃতিক জলাশয়টোলৈ আহিবলৈ পৰিভ্ৰমী পক্ষীয়ে বাট পাহৰা নাই। এতিয়াও প্ৰতি বছৰে হাজাৰ-হাজাৰ পৰিভ্ৰমী চৰায়ে শোভা কৰেহি। এই বছৰো শীতৰ বতৰত ব‍্যতিক্ৰম নোহোৱাৰ উমান দিছে। কাম চৰাই, শৰালি হাঁহ, বৰটোকোলা, হাড়গিলা, শামুক ভঙা আদি পক্ষীৰ স্বাভাৱিক আশ্ৰয় থল হোৱাৰ উপৰিও শীতৰ আগমণৰ লগে-লগে বহু পৰিভ্ৰমি চৰাই জয়সাগৰলৈ আগমণ হয়। ইতিমধ‍্যে দুষ্প্ৰাপ‍্য পক্ষীৰ শাৰীত পৰা কেইবাবিধো পক্ষী স্থানীয় প্ৰকৃতিপ্ৰেমী বেচৰকাৰী অনুষ্ঠান "ফ্ৰে'ণ্ডশ্বীপ ফৰ এনিমেলচ্"এ "ডব্লিউ ডব্লিউ এফ"ৰ সহযোগত জয়সাগৰ দলনিক প্ৰায় শতাধিক পক্ষীৰ বাসস্থান ৰূপে আৱিস্কাৰ কৰিছে। যাৰ বেছিভাগেই শীতকালৰ পৰিভ্ৰমি চৰাই। ইতিমধ‍্য দুষ্প্ৰাপ‍্য কাক হাঁহ (অৰিয়েণ্টেল ডাৰ্টাৰ), বিয়েৰ পোচাৰ্ড, থেৰজেনিয়াড পোচাৰ্ড, পেচান টে'ল জাকান আদি জয়সাগৰ দলনিত সহজেই দেখিবলৈ পোৱা যায় বুলি ফ্ৰেণ্ডশ্বীপ ফৰ এনিমেলচ্‌ৰ কৰ্মকৰ্তাই জানিবলৈ দিছে। গ্লচিয়াচ আইবিজ, ব্লে'ক টেজেড আইবিজ, কমন কোট, গ্ৰে' লে'গ গীজ, ব্ৰাউন হে'ডেড গাল আদি বিভিন্ন দেশী-বিদেশী পক্ষীৰ কলৰৱত মুখৰিত জয়সাগৰ দলনি কলিয়াবৰৰ এক পৰ্য‍্যটন ক্ষেত্ৰ হোৱাৰ উপযুক্ত সমল হিচাবে চিহ্নিত হৈছে। কলিয়াবৰ প্ৰশাসনে পৰ্য‍্যটন উন্নয়নৰ বাবে লোৱা পদক্ষেপৰ ফলত জয়সাগৰ দলনিয়েও দেশী-বিদেশী পৰ্য‍্যটকক আদৰণি জনাবলৈ সুবিধা লাভ কৰিব বুলি কলিয়াবৰবাসীয়ে আশা কৰিছে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.