ETV Bharat / state

আৰ্তজনক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কলিয়াবৰ প্ৰেছ ক্লাবৰ - শাগমুটিয়া চাহ বাগিছা

ক’ভিডকালীন যুঁজত আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে কলিয়াবৰ প্ৰেছ ক্লাবৰ সাংবাদিকসকলে ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰে প্ৰদানেৰে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক সহায়ৰ চেষ্টা ক্লাবৰ সদস‍্যসকলৰ ৷

kaliabor-press-club-stands-with-sufferers-at-kaliab
আৰ্তজনক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কলিয়াবৰ প্ৰেছ ক্লাবৰ
author img

By

Published : Jun 1, 2021, 9:08 AM IST

কলিয়াবৰ,1 জুন: ৰাজ্যজুৰি ক’ভিড-১৯ ৰ সংহাৰী ৰূপ ধাৰণ ৷ ক’ভিড পৰিস্থিতি উন্নত হ'বৰ বাবে চৰকাৰ-প্ৰশাসনে মিনি লক ডাউন জাৰি কৰিছে ৷ এনেক্ষেত্ৰত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ব্যক্তিসকল চলিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । কলিয়াবৰতো বহু আৰ্থিকভাৱে দুৰ্বল পৰিয়াল এনে পৰিস্থিতিত বিপদত পৰিছে । সেয়েহে এই আৰ্থিকভাৱে দুৰ্বল লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে কলিয়াবৰ প্ৰেছ ক্লাব ।

আৰ্তজনক অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কলিয়াবৰ প্ৰেছ ক্লাবৰ

উল্লেখ্য যে, কলিয়াবৰ প্ৰেছ ক্লাবৰ সমূহ সাংবাদিক একত্ৰিত হৈ আৰ্তজনক সহায় কৰাৰ উদ্দেশ্যে খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদানৰ পদক্ষেপ হাতত লৈছে । এই পৰ্য‍ন্ত ভালেকেইটা পৰিয়ালক খাদ‍্য বিতৰণ কৰিছে সংবাদকৰ্মীসকলে । উল্লেখ্য যে, মঙলবাৰে শাগমুটিয়া চাহ বাগিচাৰ ৬০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰিবলৈ ইতিমধ‍্যে যাৱতীয় ব‍্যৱস্থা হাতত লৈছে ক্লাবৰ সদস‍্যসকলে ।

লগতে পঢ়ক : ৰাজ্যত শীঘ্ৰে নিযুক্তি দিয়া হ’ব 450 জন চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.