কলিয়াবৰ, 8 আগষ্ট : ভূত বাংলাত পৰিণত হৈছে কলিয়াবৰৰ হাতীগাঁৱস্থিত সামাজিক বনানীকৰণ বিভাগৰ এটা পৰিদৰ্শন ভৱন ৷ বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ ফলত জৰাজীৰ্ণ অৱস্থালৈ পৰ্যবেসিত হৈছে হাতীগাঁৱস্থিত বন বিভাগৰ পৰিদৰ্শন ভৱনটো ৷ বছৰ-বছৰ ধৰি মেৰামতিৰ অভাৱত হাবি-জংঘলৰে আৱৰি জহি-খহি গৈছে এসময়ৰ এই অভিজাত ভৱনটো ।
উল্লেখ্য যে, নগাঁও সামাজিক বনানীকৰণ সংমণ্ডলৰ অধীনষ্ঠ এই পৰিদৰ্শন ভৱনটো সম্প্ৰতি পৰিণত হৈছে অসামাজিক কাৰ্য-কলাপৰ ঘাটিলৈ । এসময়ত প্ৰাকৃতিক পৰিৱেশে আৱৰি থকা পৰিদৰ্শন ভৱনটোৰ চৌদিশে এতিয়া বিৰাজ কৰিছে এক জয়াল পৰিৱেশ । নিৰ্জনতাৰ সুযোগ লৈ একাংশৰ বাবে অসামাজিক কাৰ্য-কলাপৰ ঘাটিত পৰিণত হৈছে ভৱনটো ।
প্ৰায় ২০ বছৰ পূৰ্বে অগপ চৰকাৰৰ দিনত মন্ত্ৰী-বিধায়কে জিৰণি লোৱাৰ লগতে নিশা উদযাপন কৰিছিল পৰিদৰ্শন ভৱনটোত । কিন্তু, বিভাগীয় অমনোযোগিতা তথা বছৰ-বছৰ ধৰি মেৰামতিৰ অভাৱত সম্প্ৰতি মৰিশালিত পৰিণত হৈছে এই পৰিদৰ্শন ভৱনটো ৷
লগতে পঢ়ক : নগাঁৱত অংগনবাদী কেন্দ্ৰৰ কৰ্মীৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ