ETV Bharat / state

কলিয়াবৰ জিলা ক্ৰীড়া সন্থা ক্লাৱ লীগ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণী - সৰ্বমুঠ ২৬ টা দল

সৰ্বমুঠ ২৬ টা দলে অংশ লোৱা কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ক্লাৱ লীগ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণী ৷ A ডিভিজনৰ চেম্পিয়ন দল ফ্ৰেণ্ডশ্বীপ ক্লাৱ জখলাবন্ধা, B ডিভিজন আৰু C ডিভিজনৰ চেম্পিয়ন দল ক্ৰমে ক্লিৰদাপ ক্লাৱ আৰু বৰঘূলী যুৱক সংঘ ৷

সফল সামৰণী কলিয়াবৰ জিলা ক্ৰীড়া সন্থা ক্লাৱৰ লীগ ফুটবল প্ৰতিযোগিতাৰ
author img

By

Published : Aug 5, 2019, 10:02 AM IST

কলিয়াবৰ, 5 আগষ্টঃ দেওবাৰে সফলভাৱে অন্ত পৰে কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ক্লাৱ লীগ ফুটবল প্ৰতিযোগিতাৰ ৷ ৭ জুলাইৰ পৰা কলিয়াবৰৰ নাগশংকৰ স্থিত ডা০ টি. আও গ্ৰাম‍্য ক্ৰীড়াংগনত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশ লৈছিল মুঠ ২৬ টা দলে ৷

সফল সামৰণী কলিয়াবৰ জিলা ক্ৰীড়া সন্থা ক্লাৱৰ লীগ ফুটবল প্ৰতিযোগিতাৰ

২ আগষ্ট অনুষ্ঠিত হোৱা C ডিভিজনৰ মেচৰ চূড়ান্ত খেলত অৰুণোদয় সংঘক ১-০ গ'লত পৰাস্ত কৰি বৰঘূলী যুৱক সংঘ চেম্পিয়ন হৈ B ডিভিজনলৈ উন্নীত হয় । B ডিৱিজন পৰ্য‍্যায়ত অংশ গ্ৰহণ কৰিছিল ৮ টা দলে । ইপিনে ক্লিৰডাপ ক্লাৱে দ'ল পুখুৰী যুৱক সংঘক ৩-২ গ'লত পৰাস্ত কৰি B ডিভিজন লীগৰ চেম্পিয়ন হৈ A ডিভিজনলৈ উন্নীত হয় । দেওবাৰে অনুষ্ঠিত হোৱা A ডিৱিজনৰ চূড়ান্ত খেলত ফ্ৰেণ্ডশ্বীপ ক্লাৱে থং-নক্‌ৱে আচং দলক ২-০ গ'লৰ ব‍্যৱধানত পৰাস্ত কৰি চেম্পিয়নশ্বিপ অৰ্জন কৰে ।

চূড়ান্ত খেল আৰু বঁটা বিতৰণী সভাত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া ঋতুপল্লৱ বৰুৱাই দুয়ো দলৰ খেলুৱৈসকলক উৎসাহিত কৰে । নিৰ্বাচনী বিষয়া ঋতুপল্লৱ বৰুৱা, কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি আলহাজ আলিমুদ্দিন আহমেদ তথা বিষয়-ববীয়া আৰু বঁটা সমূহৰ দাতা আৰু ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিত তিনিওটা পৰ্য‍্যায়ৰ চেম্পিয়ন দল আৰু ৰানাৰ্চ-আপ দলসমূহক বঁটা প্ৰদান কৰা হয় ।

যোৱা ২০১৭ চনৰ আগষ্ট মাহৰ হাতীমূৰা মথাউৰি ছিঙাৰ ফলত হোৱা বানত দুৰ্য‍্যোগৰ সন্মুখীন হোৱা ডা০ টি. আও গ্ৰাম‍্য ক্ৰীড়াংগনৰ আন্তঃগাঁঠনি সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰিছিল । তৎস্বত্বেও এক সুস্থ ক্ৰীড়াৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে জিলা ক্ৰীড়া সন্থাৰ উদ‍্যোগক সকলোৱা একেমুখে শলাগ লৈছে ।

Intro:* কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ক্লাৱ লীগ ফুটবলৰ সামৰণী *
* সৰ্বমুঠ ২৬ দলৰ যোগদান তিনিটা লীগ পৰ্য‍্যায়ত *
* এ ডিভিজনৰ চেম্পিয়ন দল ফ্ৰেণ্ডশ্বীপ ক্লাৱ জখলাবন্ধা, ৰাণাৰ্চ-আপ থং-নক্‌ৱে আচং
* বি ডিভিজন আৰু চি ডিভিজনৰ চেম্পিয়ন দল ক্ৰমে ক্লিৰদাপ ক্লাৱ আৰু বৰঘূলী যুৱক সংঘBody:কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ ক্লাৱ লীগ ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে বিয়লি সামৰণি পৰে। যোৱা ৭ জুলাইৰ পৰা আৰম্ভ কলিয়াবৰৰ নাগশংকৰ স্থিত ডা০ টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনত ক্ৰীড়া সন্থাৰ মুঠ ২৬ টা দলে অংশ গ্ৰহণ কৰিছিল।
চি ডিভিজনত অংশ গ্ৰহণ কৰা মুঠ ১২টা দলৰ মাজত অনুষ্ঠিত হয়। যোৱা ২ আগষ্ট তাৰিখে অনুষ্ঠিত হোৱা চুড়ান্ত খেলত অৰুণোদয় সংঘক ১-০ গ'ত পৰাস্ত কৰি বৰঘূলি যুৱক সংঘ চেম্পিয়ন হয়। লগতে বি ডিভিজনলৈ উন্নীত হয়।
বি ডিৱিজন পৰ্য‍্যায়ত অংশ গ্ৰহণ কৰিছিল ৮টা দলে। চড়ান্ত খেলত ক্লিৰডাপ ক্লাৱে দ'ল পুখুৰী যুৱকসংঘক ৩-২ গ'লত পৰাস্ত কৰি বি ডিভিজন লীগৰ চেম্পিয়ন হৈ এ ডিভিজনলৈ উন্নীত হয়।
দেওবাৰে অনুষ্ঠিত হোৱা এ ডিৱিজনৰ চুড়ান্ত খেলত ফ্ৰেণ্ডশ্বীপ ক্লাৱে থং-নক্‌ৱে আচং দলক ২-০ গ'লৰ ব‍্যৱধানত পৰাস্ত কৰি চেম্পিয়নশ্বীপ অৰ্জন কৰে। চুড়ান্ত খেল আৰু বঁটা বিতৰণী সভাত উপস্থিত থকি কলিয়াবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া ঋতুপল্লৱ বৰুৱাই দুয়ো দলৰ খেলুৱৈসকলক উৎসাহিত কৰে। নিৰ্বাচনী বিষয়া ঋতুপল্লৱ বৰুৱা, কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্য‍্যকৰী সভাপতি আলহাজ আলিমুদ্দিন আহমেদ তথা বিষয়-ববীয়া আৰু বঁটাসমূহৰ দাতা আৰু ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিত তিনিওটা পৰ্য‍্যায়ৰ চেম্পিয়ন আৰু ৰানাৰ্চ-আপ দলসমূহক বঁটা প্ৰদান কৰা হয়।
তিনিটা লীগ পৰ্য‍্যায়ত কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত সৰ্বমুঠ ২৬ দল যোগদান কৰিছিল। যোৱা ২০১৭ চনৰ আগষ্ট মাহৰ হাতীমূৰা মথাউৰি ছিঙাৰ ফলত হোৱা বানত দুৰ্য‍্যোগৰ সন্মুখীন হোৱা ডা০ টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনৰ আন্তঃগাঁঠনি সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰিছিল। তৎস্বত্বেও এক সুস্থ ক্ৰীড়াৰ পৰিৱেশ সৃষ্টিৰ বাবে লোৱা জিলা ক্ৰীড়া সন্থাৰ উদ‍্যোগক সকলোৱা একেমুখে শলাগ লৈছে।Conclusion:visuals
bites
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.