কলিয়াবৰ,৬ মে': কলিয়াবৰ অঞ্চলৰ উচ্চশিক্ষাৰ বাটকটীয়া কলিয়াবৰ মহাবিদ্যালয়ে অতিক্ৰম কৰিলে গৌৰৱময় ৫০টি বৰ্ষ । উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে কলিয়াবৰ মহাবিদ্যালত । কিয়নো অহা ১৫, ১৬ আৰু ১৭ মে'ত মহাবিদ্যালয়খনিত অনুষ্ঠিত হ'ব সোণালী জয়ন্তী সামৰণি অনুষ্ঠান (Koliabar College to celebrate Golden Jubilee) । সেই উপলক্ষে ব্যাপক প্ৰস্তুতি চলাইছে মহাবিদ্যালয় কৰ্তৃপক্ষ তথা সোণালী জয়ন্তী উদযাপন সমিতিয়ে ।
উল্লেখ যে ২০১৯ চনতে ৫০ বছৰ অতিক্ৰম কৰা কলিয়াবৰৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠানৰ সোণালী জয়ন্তী উদযাপনৰ পূৰ্বে দিহা কৰিছিল যদিও সেই সময়ৰ 'কা' আন্দোলনৰ পৰিৱেশ আৰু কভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছিল (Kaliabar College completed 50 years) । সেয়ে, সামৰণি অনুষ্ঠান সময়তকৈ পলমকৈ অনুষ্ঠিত কৰিব লগা হৈছে ।
প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনকে (ex student reunion) ধৰি অনান্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে কলিয়াবৰ মহাবিদ্যালয়ত । এক সংবাদমেলযোগে সোণালী জয়ন্তী উৎসৱৰ বিষয়ববীয়া তথা মহাবিদ্যালয়খনৰ অধ্যক্ষই জনালে কাৰ্যসূচীৰ কথা ।
সোণালী জয়ন্তী কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে । লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিয়েও স্থান পাব বৰ্ণাঢ্য কাৰ্যসূচীত । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ।
লগতে পঢ়ক: CAA will be implemented : অমিত শ্বাহক সকীয়নি আছুৰ সাধাৰণ সম্পাদকৰ