কলিয়াবৰ,13 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে দিন যোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় কদমতলি কালী মন্দিৰৰ প্ৰতিষ্ঠা দিৱস । কলিয়াবৰৰ জখলাবন্ধা কদমতলি কালী মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা জলযাত্ৰাৰে মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ হাতীমূৰা দুৰ্গা মন্দিৰৰ নামনিৰ ব্ৰহ্মপুত্ৰৰ পৰা আয়তীসকলে পানী তুলি মন্দিৰলৈ ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে লৈ আনে ৷ এই মন্দিৰ প্ৰতিষ্ঠাৰ 25 বছৰ পূৰ্ণ হোৱা উপলক্ষে হোম যজ্ঞ আয়োজন কৰি সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে পূজা-অৰ্চনা অনুষ্ঠিত কৰা হয় ৷
![ৰূপালী জয়ন্তী বৰ্ষত কলিয়াবৰৰ কদমতলিৰ কালী মন্দিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-fab-13-01-kali-mandir-at-kaliabor-vis-bite-asc100141_13022021111551_1302f_1613195151_835.jpg)
কদমতলি কালী মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ জলসম্পদ মন্ত্ৰী গৰাকীৰ লগতে বিভিন্নজনে কালী মাৰ চৰণত শৰাই আগবঢ়োৱাৰ লগতে মা-ৰ পৰা আশীষ গ্ৰহণ কৰে ৷
![ৰূপালী জয়ন্তী বৰ্ষত কলিয়াবৰৰ কদমতলিৰ কালী মন্দিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-fab-13-01-kali-mandir-at-kaliabor-vis-bite-asc100141_13022021111551_1302f_1613195151_893.jpg)
লগতে পঢ়কঃ পুনৰ অশান্ত অসম-মিজোৰাম সীমান্ত