নগাঁও, 2 আগষ্টঃ নগাঁৱৰ জুৰীয়া পাঞ্জাৱ নেচনেল বেংক কৰ্মচাৰীসকলে শনিবাৰে বেংকত তলা বন্ধ কৰি ৰখাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ঘটনা অনুসৰি, ৰাইচুল আবৰা নামৰ এজন যুৱকে বেংকৰ এজন কৰ্মচাৰীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈ অভব্য আচৰণ কৰাৰ বাবেই কৰ্মচাৰীসকলে এনে সিদ্ধান্ত ল'বলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে ৷ কিন্তু ইয়াৰ বিপৰীতে বেংকটোৰ গ্ৰাহকসকলে দীৰ্ঘদিন ধৰি বেংক কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতি আৰু অমনোযোগিতাৰ বাবে দুৰ্ভোগ ভুগি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে ৷ অভিযোগ মতে, অতি ঠেক কোঠালিত উৎকট গৰমৰ সময়তো অতি মাত্ৰা ভীৰৰ বাবে গ্ৰাহক সকলে ঘন্টাৰ পিছত ঘন্টা প্ৰখৰ ৰ'দত বাহিৰতেই অপেক্ষা কৰিব লগীয়া হয় ৷ ইয়াৰোপৰি একাংশ দালালৰ নিয়ন্ত্ৰণত থকা বেংকটোত বিভিন্ন দুৰ্নীতি অনিয়মৰ মাজেৰে পৰিচালিত হৈ থকাৰ অভিযোগ গ্ৰাহকৰ ৷ উল্লেখযোগ্য যে, বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিকসকলৰ বাবে তেওঁলোকৰ দৰিদ্ৰ পৰিয়াললৈ টকা প্ৰেৰণৰ একমাত্ৰ মাধ্যম হৈছে জুৰীয়া পাঞ্জাৱ নেচনেল বেংক ৷ এনে পৰিস্থিতিত ইছলাম ধৰ্মালম্বীৰ পবিত্ৰ ঈদৰ প্ৰাক মুহূৰ্তত তলাবন্ধ কৰি দিয়াত ক্ষুব্ধ হৈ পৰে গ্ৰাহক সকল আৰু অবশেষত গ্ৰাহকৰ উগ্ৰ মূৰ্তি দেখি 12 বজাত বেংক কৰ্তৃপক্ষই তলাবন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় ৷ একে সময়তে মন কৰিবলগীয়া যে, বেংক কৰ্মচাৰীক অভব্য আচৰণ কৰা যুৱকজনৰ শাস্তিৰ বাবেও স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷
জুৰীয়া পাঞ্জাৱ নেচনেল বেংকত তলা বন্ধ কৰি ৰখাক লৈ অপ্ৰীতিকৰ পৰিস্থিতি
নগাঁৱৰ জুৰীয়া পাঞ্জাৱ নেচনেল বেংক কৰ্মচাৰীয়ে শনিবাৰে বেংকত তলা বন্ধ কৰি ৰখাক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ , ক্ষোভিত গ্ৰাহকৰ উগ্ৰ মূৰ্তি দেখি তলাবন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় বেংক কৰ্তৃপক্ষ ৷
নগাঁও, 2 আগষ্টঃ নগাঁৱৰ জুৰীয়া পাঞ্জাৱ নেচনেল বেংক কৰ্মচাৰীসকলে শনিবাৰে বেংকত তলা বন্ধ কৰি ৰখাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ঘটনা অনুসৰি, ৰাইচুল আবৰা নামৰ এজন যুৱকে বেংকৰ এজন কৰ্মচাৰীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈ অভব্য আচৰণ কৰাৰ বাবেই কৰ্মচাৰীসকলে এনে সিদ্ধান্ত ল'বলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে ৷ কিন্তু ইয়াৰ বিপৰীতে বেংকটোৰ গ্ৰাহকসকলে দীৰ্ঘদিন ধৰি বেংক কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতি আৰু অমনোযোগিতাৰ বাবে দুৰ্ভোগ ভুগি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে ৷ অভিযোগ মতে, অতি ঠেক কোঠালিত উৎকট গৰমৰ সময়তো অতি মাত্ৰা ভীৰৰ বাবে গ্ৰাহক সকলে ঘন্টাৰ পিছত ঘন্টা প্ৰখৰ ৰ'দত বাহিৰতেই অপেক্ষা কৰিব লগীয়া হয় ৷ ইয়াৰোপৰি একাংশ দালালৰ নিয়ন্ত্ৰণত থকা বেংকটোত বিভিন্ন দুৰ্নীতি অনিয়মৰ মাজেৰে পৰিচালিত হৈ থকাৰ অভিযোগ গ্ৰাহকৰ ৷ উল্লেখযোগ্য যে, বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিকসকলৰ বাবে তেওঁলোকৰ দৰিদ্ৰ পৰিয়াললৈ টকা প্ৰেৰণৰ একমাত্ৰ মাধ্যম হৈছে জুৰীয়া পাঞ্জাৱ নেচনেল বেংক ৷ এনে পৰিস্থিতিত ইছলাম ধৰ্মালম্বীৰ পবিত্ৰ ঈদৰ প্ৰাক মুহূৰ্তত তলাবন্ধ কৰি দিয়াত ক্ষুব্ধ হৈ পৰে গ্ৰাহক সকল আৰু অবশেষত গ্ৰাহকৰ উগ্ৰ মূৰ্তি দেখি 12 বজাত বেংক কৰ্তৃপক্ষই তলাবন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় ৷ একে সময়তে মন কৰিবলগীয়া যে, বেংক কৰ্মচাৰীক অভব্য আচৰণ কৰা যুৱকজনৰ শাস্তিৰ বাবেও স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷
Body: জুৰীয়া পাঞ্জাৱ নেচনেল বেংকৰ কৰ্মচাৰী এজনৰ লগত ৰাইচুল আবৰাৰ নামৰ যুৱক এজনে তৰ্কা তৰ্কীত লিপ্তহৈ অভব্য আচৰন কৰাৰ অচিলা লৈ শনিবাৰে বেংক কৰ্মচাৰীয়ে বেংকটোত তলা বন্ধ কাৰ্যসূচী পালন কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ বৃহত্তৰ জুৰীয়া অঞ্চলত থকা একমাত্ৰ জুৰীয়া পাঞ্জাৱ নেচনেল বেংক কৰ্তৃপক্ষৰ চুড়ান্ত গাফিলতি আৰু অ-মনোযোগিতাৰ বাবেই দীৰ্ঘ দিন ধৰি গ্ৰাহকে দুৰ্ভোগ ভূগিব লগা হৈছে ৷ অতি ঠেক কোঠালি, উৎকট গৰমৰ সময়তো অতি মাত্ৰা ভীৰৰ বাবে গ্ৰাহক সকলে ঘন্টাৰ পিছত ঘন্টা প্ৰখৰ ৰ'দত বাহিৰতেই অপেক্ষা কৰি যমৰযাতনা ভূগিব লগীয়া হৈছে ৷ একাংশ দালালৰ নিয়ন্ত্ৰনত থকা বেংকটোত বিভিন্ন দুৰ্নীতি অনিয়মৰ মাজেৰে পৰিচালিত হৈ থকাৰ অভিযোগ গ্ৰাহকৰ ৷ কেৰেলাত বিভিন্ন কামত কৰ্মৰত হৈ থকা শ্ৰমিকসকলে তেওঁলোকৰ দৰিদ্ৰ পৰিয়াললৈ টকা প্ৰেৰণৰ একমাত্ৰ মাধ্যম জুৰীয়া পাঞ্জাৱ নেচনেল বেংক ৷ কিন্তু বেংকৰ মেনেজাৰ আৰু কৰ্মচাৰীৰ লগত গোপন মিতিৰালীৰে বেংকৰ ভিতৰে বাহিৰে অবাধ আহযাহ থকা একাংশ দালালে দৰিদ্ৰ তথা অশিক্ষিত গ্ৰাহকক বিভিন্ন মিছা অজুহাত দেখুৱাই বেংক পাচবুক বন্ধ হৈ থকা বুলি ভয় দেখুৱাই এশৰ পৰা পাঁচশ টকালৈকে আদায় কৰি থকা বুলি বেংকটোৰ গ্ৰাহক সকলে অভিযোগ উত্থাপন কৰিছে ৷ বেংকটোৰ কৰ্মচাৰী এজনক ৰাইচুল আবৰাৰ নামৰ যুৱক এজনে অভব্য আচৰন কৰাৰ গইনালৈ বেংকটোৰ কৰ্মচাৰী সকলে ইছলাম ধৰ্মালম্বীৰ পবিত্ৰ ঈদৰ প্ৰাক মুহুৰ্তত তলাবন্ধ কৰি দিয়াত হাহাকাৰময় পৰিস্হিতিৰ সৃষ্টি হোৱাত ক্ষুব্ধ হৈ পৰে গ্ৰাহক সকল ৷ অবশেষত গ্ৰাহকৰ উগ্ৰ মূৰ্তি দেখি ১২ বজাত বেংক কৰ্তৃপক্ষই তলাবন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় ৷ ৰাইজে যুৱক জনক শাস্তিৰ দাবী কৰাৰ লগতে বেংকত চলি থকা দুৰ্নীতি বন্ধ কৰি বেংকটো স্হানান্তৰ কৰাৰো দাবী উত্থাপন কৰে ৷ ইতিমধ্যে আৰক্ষীয়ে যুৱক ৰাইচুলক শিঙাৰীৰ পৰা আটক কৰিছে ৷এখন সাধাৰণ কাজিয়াক লৈ বেংক কৰ্তৃপক্ষই লোৱা হঠকাৰী সিদ্ধান্তক ৰাইজে একেমুখে গৰিহনা দিছে।
ৰূপহীহাটৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion: