কলিয়াবৰ,12 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ ইয়াৰ মাজতে শুকুৰবাৰে কলিয়াবৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তক বিজয়ী কৰোৱাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰাৰ লক্ষ্যৰে কুঁৱৰীটোলস্থিত তৰুণ সংঘ প্ৰেক্ষগৃহত এখন যুটীয়া সভাত মিলিত হয় অগপ-বিজেপিৰ কৰ্মীসকল ৷ সভাত ঐক্যবদ্ধভাবে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সংকল্পবদ্ধ হয় উভয় দলৰ নেতা-কৰ্মী ৷ সমষ্টিৰ প্ৰাৰ্থী কেশৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত বিপুল ভোটৰ ব্যৱধানত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক পৰাজিত কৰিবলৈ কঁকালত টঙালি বান্ধিছে দলীয় নেতা-কৰ্মীসকলে ৷
উল্লেখ্য যে, সভাৰ অন্তত আয়োজিত এখন সংবাদ মেল সম্বোধন কৰে বিজেপি দলৰ কলিয়াবৰ সমষ্টিৰ নিৰ্বাচনী প্ৰভাৰী তথা আগ্ৰা নগৰৰ মেয়ৰ ইন্দ্ৰজিৎ আৰ্যই ৷ সংবাদমেলত কংগ্ৰেছক কটাক্ষ কৰি ৰাজ্যত কংগ্ৰেছী দলৰ কোনো প্ৰতাপী নেতা নথকা বাবে কংগ্ৰেছ দলৰ 100+ আসনৰ সপোন সপোন হৈয়ে ৰব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷
লগতে সমাগত নিৰ্বাচনত অসমৰ প্ৰায় সকলো মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হৈ পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ইন্দ্ৰজিৎ আৰ্যই ৷ কলিয়াবৰতো মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই বিৰোধী দলৰ প্ৰাৰ্থীক বিপুল ভোটত পৰাস্ত কৰি জয়ী হ'ব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷
লগতে পঢ়কঃ বঙাইগাঁৱত ১২ লাখ ৫০ হাজাৰ টকা জব্দ