নগাঁও, 3 নৱেম্বৰ: চামগুৰিৰ আমনিত সোমবাৰে নিশা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙক উষ্ম আদৰণি জনায় ৰাইজে ৷ চামগুৰিত অনুষ্ঠিত এখন সভাত প্ৰায় সহস্ৰাধিক কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ উপস্থিতি দেখি অভিভূত হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক গৰাকী ৷ ৰাইজৰ উপস্থিতি পৰিলক্ষিত কৰি তেওঁ কয় যে, ক'বলৈ নাই সকলোৱে নিজ চকুৰে দেখিছে কেনেদৰে ৰাইজ কংগ্ৰেছ দলক বিজয়ী কৰিবলৈ সাজু ৷ ৰাইজে মাথো আগন্তুক নিৰ্বাচনলৈ অপেক্ষা কৰিছে কেনেকৈ বিজেপিক উৎখাত কৰি কংগ্ৰেছক নিৰ্বাচিত কৰিব পাৰে তাক লৈ ৷ আনহাতে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ দৰে জন সমাদৰ তেওঁ খুব কম সমষ্টিতহে পৰিলক্ষিত কৰিছে বুলিও মন্তব্য কৰে ৷
প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীৰ এই যাত্ৰাত তেওঁক সহযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ ৰিপুণ বৰাই সংবাদ মাধ্যমযোগে কয়, "21 ত কংগ্ৰেছ যে জিকিল তাৰ প্ৰমাণ ৰাইজে তত্বাৱধায়কগৰাকীৰ আগমণৰ সময়তে দেখিবলৈ পাইছে ৷ যি বিজেপিয়ে উজনি অসমত কংগ্ৰেছক প্ৰত্যাহ্বান জনাব বুলি কৈছিল,সেই উজনি অসমত বিজেপিৰ ভেঁটি কঁপাই সোমবাৰৰ পৰা কংগ্ৰেছে যি বিশাল সমাবেশ কৰিছে, ই তাকেই প্ৰমাণ কৰিছে যে, নামনিতো বিজেপি উৎখাত উজনিটো বিজেপি উৎখাত হ'ব ৷ ইয়াৰ লগে লগে 21 ত কংগ্ৰেছে সংখ্যা গৰিষ্ঠ ভোটেৰে চৰকাৰ গঠন কৰিব ৷"
লগতে পঢ়ক: চাহ শ্ৰমিকৰ বাসগৃহত নৈশ যাপন কৰিলে জীতেন্দ্ৰ সিঙে