ETV Bharat / state

ৰূপহীহাটত জৱকাৰ্ড শ্ৰমিকক বঞ্চিত কৰাৰ অভিযোগ - ৰাজু বৰুৱা

ৰূপহীহাটৰ জুৰীয়া উন্নয়ন খণ্ডত জৱকাৰ্ড শ্ৰমিকক বঞ্চিত কৰি এম জি এনৰেগাৰ আঁচনিত এক্সেভেটৰ লগাই কাম কৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰাজু বৰুৱাই সাব্যস্ত কৰিছে প্ৰতিক্ৰিয়া ৷

jcb-and-tractor-use
ৰূপহীহাটত জৱকাৰ্ড শ্ৰমিকক বঞ্চিত কৰাৰ অভিযোগ
author img

By

Published : Feb 1, 2021, 9:01 PM IST

ৰূপহীহাট, 1 ফেব্ৰুৱাৰী : ৰূপহীহাটৰ জুৰীয়া উন্নয়ন খণ্ডত জবকাৰ্ড শ্ৰমিকক বঞ্চিত কৰি এম জি এনৰেগাৰ আঁচনিত এক্সেভেটৰ লগাই কাম কৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰাজু বৰুৱাই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ৰূপহীহাটৰ জুৰীয়া উন্নয়ন খণ্ডত জবকাৰ্ড শ্ৰমিকৰ মূখৰ ভাত কাঢ়ি খোৱাৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়ত প্ৰতিনিধি, জি আৰ এছ, কনিষ্ঠ অভিযন্তা আৰু খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে । এম জি এনৰেগাৰ আঁচনিত এক্সেভেটৰ লগাই মাটি কটাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰাজু বৰুৱাই।

ৰূপহীহাটত জৱকাৰ্ড শ্ৰমিকক বঞ্চিত কৰাৰ অভিযোগ

জবকাৰ্ড শ্ৰমিকক কামৰ পৰা বঞ্চিত কৰি মাটি কটা কামত এক্সেভেটৰ ব্যৱহাৰ কৰাত জাঙুৰ খাই উঠিছে কৃষক নেতা ৰাজু বৰুৱাই । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে মাটি কঢ়িওৱাৰ বাবে ট্ৰেক্টৰ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিলেও জবকাৰ্ড শ্ৰমিক লগাই মাটি কটা কাম কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল । কিন্তু উন্নয়ন খণ্ডটোৰ এনৰেগা আঁচনিৰ ক্ষেত্ৰত খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে এক্সেভেটৰ লগাই কৰা কামৰ বিপৰীতে জৱকাৰ্ড শ্ৰমিকৰ নামত ভূৱা ডিমাণ্ড অনুমোদন জনাইছে ৷

লগতে পঢ়ক : প্ৰতিৰক্ষা বিভাগত 4.78 লাখ কোটি টকা ধাৰ্য 2021-22 বৰ্ষৰ বাজেটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.