কলিয়াবৰ,10 ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছন পৰিণত হৈছে প্ৰহসনত । ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ প্ৰতিশ্ৰুতি চৰকাৰে প্ৰদান কৰিছিল যদিও অধিকাংশ লোক বঞ্চিত হৈছে খোৱাপানী লাভৰ পৰা । অসমত ইতিমধ্যে ২৪ লাখ বাসগৃহত সংযোগ কৰা হৈছে জল জীৱন মিছনৰ পাইপ(Jal jivan Abhiyan) । জল জীৱন মিছন আচঁনিৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱা পানী লাভ কৰিব বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Minister Jayanta Malla Baruah) ।
চৰকাৰখনে জল জীৱন মিছনৰ সফলতাৰ ঢাক-ঢোল বজাই থকাৰ সময়তে আচঁনিখনৰ বিপৰীত ৰূপ এটা প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে ৷ জনস্বাস্থ্য কৰিকৰী বিভাগৰ কলিয়াবৰ সংমণ্ডলৰ গাঁওসমূহত ঘৰে-ঘৰে পানী যোগানৰ নামত কোটি-কোটি চৰকাৰী ধনৰ শৰাধ চলিছে ৷ তাৰেই এক জলন্ত ৰূপ হ'ল কুঁৱৰীটোল পানী যোগান আঁচনি (Jal Jeevan Mission at Kaliabor)।
৮৭ লাখটকীয়া পানী যোগান আঁচনিখনৰ ফুটা টেংকিৰে পৰি থকা পানীয়েই প্ৰমাণ কৰে বিভাগ আৰু ঠিকাদাৰৰ কাৰ্যৰ নমুনা । তাকো এয়া কাণ্ড ঘটিছে খোদ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ সমষ্টিত । ফলস্বৰূপে এই আঁচনিৰ অন্তৰ্গত হিতাধিকাৰী সকলে দিন দিন ধৰি বঞ্চিত হৈ আহিছে খোৱা পানী লাভৰ পৰা । বিভাগীয় হেমাহীৰ বাবে গোমোঠা গাঁও, বগাজন সত্ৰ, মাধৱ গাঁও, বিহিমপুৰ সত্ৰ, কুঁৱৰীটোল চাৰিআলিকে ধৰি এক বৃহৎ অঞ্চলৰ লোকে জল জীৱন মিছনৰ পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
আচঁনিখনৰ এগৰাকী কৰ্মচাৰীয়ে জনোৱা মতে, জনৈক ভূঞা কৰপ'ৰেশ্যনে নিৰ্মাণ সম্পূৰ্ণ কৰা এই আঁচনিৰ দুৰৱস্থাৰ বিষয়ে উৰ্দ্ধতন মহলক কৰ্মচাৰী গৰাকীয়ে জনাইছিল যদিও বিভাগে আজি পৰ্যন্ত মেৰমতিৰ বাবে কোনো পদক্ষেপ নল'লে । আনহাতে, কলিয়াবৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাগৰাকীয়েও বিষয়টোত অজ্ঞতা প্ৰকাশ কৰে ।
সঘনাই চৰকাৰী বিভিন্ন প্ৰচাৰত 'প্ৰতি টোপাল পানীয়েই মূল্যৱান, পানীৰ অপচয় ৰোধ কৰক' আদি শ্ল'গান দিয়া পৰিলক্ষিত হয় যদিও স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিৰ অন্তৰ্গত কলিয়াবৰৰ কুঁৱৰীটোলত এনেদৰেই দেখা গ’ল চৰকাৰী শ্লোগানৰ সম্পূৰ্ণ ওলোটা ছবিখন ।
লগতে পঢ়ক: Minister Chandra Mohan Patowary : ৰাজহুৱাভাৱে দলীয় কৰ্মীক এজাউৰি দিলে মন্ত্ৰী পাটোৱাৰীয়ে