ETV Bharat / state

দলীয় ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে নগাঁৱত জগদীশ ভূঞা - দলীয় ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে নগাঁৱত জগদীশ ভূঞা

দলীয় ভেটি শক্তিশালী আৰু সুদৃঢ় কৰাৰ উদ্দেশ্যৰে নগাঁৱত সোমবাৰে উপস্থিত হৈছে অসম জাতীয় পৰিষদৰ সমন্বয়ক জগদীশ ভূঞা । পৰৱৰ্তী নিৰ্বাচনত সৰ্বভাৰতীয় শক্তিক উৎখাতৰ বাবে আঞ্চলিক শক্তিসমূহক একত্ৰিত হোৱাৰ আহ্বান ভূঞাৰ ।

Jagadish Bhuyan from AJP visit nagaon assam etv bharat news
জগদীশ ভূঞা
author img

By

Published : Oct 12, 2020, 3:54 PM IST

নগাঁও,12 অক্টোবৰ: অসম জাতীয় পৰিষদৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আৰম্ভ কৰা হৈছে অভিযান ৷ উক্ত কাৰ্যসূচীৰ অংশ হিচাপে নগাঁৱত তৎপৰতা আৰম্ভ কৰিছে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা ৰাজনৈতিক দল অসম জাতীয় পৰিষদে ৷

নগাঁৱত জগদীশ ভূঞা

নৱগঠিত আঞ্চলিক দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থৰ লগতে সমষ্টি কমিটি গঠন কৰাৰ উদ্দেশ্যে সোমবাৰে নগাঁৱত উপস্থিত হয় দলটোৰ মুখ্য সমন্বয়ক জগদীশ ভূঞা । আঞ্চলিকতাবাদত বিশ্বাসী নিষ্ঠাবান লোকসকলক অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ আহ্বান জনাই ভূঞাই ৷ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ পিছতে অসমৰ সকলো আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত কৰাৰ ৰূপৰেখা তৈয়াৰ কৰা হ’ব বুলিও নগাঁৱত সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ লগতে পৰৱৰ্তী নিৰ্বাচনত অসমৰ পৰা সৰ্বভাৰতীয় শক্তিক উৎখাত কৰাৰ উদ্দেশ্য সকলো আঞ্চলিক শক্তিকে একত্ৰিত হোৱাৰ আহ্বান জনাইছে জগদীশ ভূঞায়ে ।

লগতে চাওকঃ 17 বছৰত কৰা ভূলৰ বাবেই বিটিচিবাসী বিপিএফৰ পৰা আঁতৰি আহিছেঃ প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.