ETV Bharat / state

নগাঁৱত অৰুণাচল প্ৰদেশৰ ITBP জোৱানৰ মৃতদেহ উদ্ধাৰ - ITBP জোৱানৰ মৃতদেহ উদ্ধাৰ

নগাঁৱত ৰহস্যজনকভাৱে মৃত্যুক সাৱটিলে অৰুণাচল প্ৰদেশৰ ITBP ৰ এগৰাকী জোৱানে । হিমাচল প্ৰদেশৰ লোকজনৰ মৃত্যুৰ এটা দিন পিছত পোহৰলৈ আহিছে পৰিচয় । নগাঁৱৰ কলঙত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল জোৱানজনৰ মৃতদেহ (ITBP jawan dead body recover in nagaon) । নগাঁৱত গৰ্ভৱতী পত্নীৰ খবৰ ল’বলৈ আহি নিৰুদ্দেশ হৈ আছিল জোৱানজন ।

itbp jawan deadbody recover in nagaon
নগাঁৱত অৰুণাচল প্ৰদেশৰ ITBP ৰ জোৱানৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Oct 6, 2022, 7:59 PM IST

নগাঁও,৬ অক্টোবৰ: নগাঁৱত পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা । কলঙত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে অৰুণাচল প্ৰদেশৰ ITBP ৰ জোৱান পৰবিন্দৰ কুমাৰ নেগীৰ মৃতদেহ(ITBP jawan body recover in nagaon) । দশমীৰ পুৱাই নগাঁৱৰ মাজৰআটিৰ সমীপৰ কলঙত উদ্ধাৰ হৈছিল মৃতদেহ । মৃতদেহটো প্ৰথমাৱস্থাত চিনাক্ত কৰিব পৰা নাছিল যদিও বৃহস্পতিবাৰে চিনাক্ত হয় মৃতদেহটো (ITB jawan suspected death)।

দশমীৰ পুৱা কলঙত উদ্ধাৰ হোৱা মৃদেহটো অৰুণাচল প্ৰদেশৰ ITBP ৰ জোৱান পৰবিন্দৰ কুমাৰ নেগবি বুলি চিনাক্ত কৰা হৈছে । অৰুণাচল প্ৰদেশত কৰ্মৰত পৰবিন্দৰ কুমাৰ নেগবিৰ ঘৰ হিমাচল প্ৰদেশত বুলি জানিব পৰা গৈছে । ITBP ৰ জোৱান পৰবিন্দৰ কুমাৰ নেগী নগাঁৱৰ এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা বুলিও জানিব পৰা গৈছে (Dead body recover in Nagaon)।

এক বিশেষ সূত্ৰে জানিব পৰা মতে পৰবিন্দৰ কুমাৰ নেগবি নামৰ জোৱানজনে গৰ্ভৱতী পত্নীৰ খবৰ ল’বলৈ আহি নৱমীৰ নিশাৰ পৰাই সন্ধানহীন হৈ আছিল । নিশাৰ পৰাই নিৰুদ্দেশ হৈ থকা পৰবিন্দৰৰ পুৱা মৃতদেহ উদ্ধাৰ হয় নগাঁৱৰ মাজৰআটি কলঙৰ সমীপত । দশমীৰ দিনাই মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে (ITBP jawan from Himachal found died)।

জোৱানজনৰ কি অৱস্থাত মৃত্যু হৈছে সেয়া এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই যদিও ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতহে জোৱানজনৰ মৃত্যুৰ কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: মঙলদৈত মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ মৃত্যু তিথি পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.