নগাঁও, 24 ছেপ্তেম্বৰ: কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থাকিও যেন আত্মবিশ্বাস হেৰুৱাইছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ আগন্তুক নিৰ্বাচনত প্ৰাৰ্থীত্ব পাব নে নেপাই সেয়াও হেনো নিশ্চিত নহয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ এইক্ষেত্ৰত দলেহে সকলো জানে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ নগাঁৱত এছ অ’ পি ডি আঁচনিৰ অধীনত মীন বিভাগে নিৰ্মাণ কৰা এটা মৎস্য বিনপী কেন্দ্ৰৰ শুভ উদ্ধোধন কৰিবলৈ আহি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ বৃহস্পতিবাৰে সন্ধিয়া নগাঁৱত উপস্থিত হৈ নগাঁৱৰ মীন বিভাগৰ কাৰ্যালয়তে নিৰ্মাণ কৰা মৈৎস্য বিপনী কেন্দ্ৰটোৰ শুভ উদ্ধোধন কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
উল্লেখ্য যে, এই বিপনী কেন্দ্ৰৰ পৰা ৰাইজে সুলভ মূল্যত ক্ৰয় কৰিব পাৰিব নিজৰ পছন্দৰ মাছ ৷ লগতে সোৱাদ অনুসৰি মাছৰ আঞ্জা, মাছৰ টেঙাৰো সোৱাদ লব পাৰিব সাধাৰণ লোকে ৷ মৎস্য বিপনী কেন্দ্ৰ উদ্ধোধন কৰাৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য আগবঢ়াই মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ বিশেষকৈ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠিত নতুন আঞ্চলিক ৰাজনৈতিক দল সন্দৰ্ভত মন্তব্য কৰাৰ লগতে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ আঞ্চলিক দলটোক ৰাইজে কিমান ভাল পায় সেইয়া আগন্তুক নিৰ্বাচনৰ ফলাফলে নিৰ্ণয় কৰিব বুলি মন্তব্য কৰাৰ লগতে পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেইয়া দলে সিদ্ধান্ত লোৱাৰ লগতে নিৰ্বাচিত হৈ অহা প্ৰতিনিধিয়ে বাছনি কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
লগতে পঢ়কঃ বেংক ডকাইতিৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ