ETV Bharat / state

আই পি এলৰ নামত জুৱাঃ নগাঁৱত আটক এজন - বৃহৎ ঘাটি উৎখাত

বুধবাৰে নিশা নগাঁও আৰক্ষীৰ অভিযানত হয়বৰগাঁও শান্তিপুৰৰ পৰা আই পি এলৰ নামত চলি থকা জুৱাৰ এটা বৃহৎ ঘাটি উৎখাত কৰা হয় ৷ আই পি এলৰ খেল চলি থকাৰ সময়তে চলোৱা অভিযানত আৰক্ষীয়ে জুৱাত জড়িত এজন যুৱকক আটক কৰাৰ লগতে নগদ 1 লাখ 24 হাজাৰ টকা, ম'বাইল ফোন জব্দ কৰে ৷

নগাঁৱত আই পি এলৰ নামত বৃহৎ জুৱা !
author img

By

Published : May 9, 2019, 11:51 AM IST

নগাঁও , 09 মে' : ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলাৰো বিভিন্ন প্ৰান্তত চলি আছে আই পি এলৰ নামত জুৱা ৷ বুধবাৰে নিশা নগাঁও আৰক্ষীৰ অভিযানত হয়বৰগাঁও শান্তিপুৰৰ পৰা আই পি এলৰ নামত চলি থকা জুৱাৰ এটা বৃহৎ ঘাটি উৎখাত কৰা হয় ৷ নগাঁও আৰক্ষীয়ে নগাঁৱৰ হয়বৰগাঁৱৰ শান্তিপুৰত অভিযান চলাই আই পি এলৰ এই বৃহৎ ঘাটি উৎখাত কৰে ৷

নগাঁৱত আই পি এলৰ নামত বৃহৎ জুৱা !

আই পি এলৰ খেল চলি থকাৰ সময়তে চলোৱা অভিযানত আৰক্ষীয়ে জুৱাত জড়িত এজন যুৱকক আটক কৰাৰ লগতে নগদ 1 লাখ 24 হাজাৰ টকা, ম'বাইল ফোন জব্দ কৰে ৷

লগতে পঢ়ক আই পি এলৰ পৰা বাহিৰ ছানৰাইজাৰ্ছ হায়দৰাবাদ

শান্তিপুৰৰ গোপাল সূত্ৰধৰ নামৰ লোক এজনৰ বাসগৃহত চলি থকা জুৱাৰ ঘাটিৰ পৰা বিজু ঘোষ নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰে যদিও আন দুজন লোক পলাই সাৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে আই পি এলৰ নামত জুৱাত জড়িত হৈ ইতিমধ্যে বহু লোক সৰ্বস্বন্ত হৈছে ৷ বিশেষ সূত্ৰে জানিব পৰা মতে বহু ঠাইত একাংশ দুষ্ট চক্ৰই কাউণ্টাৰ বহাই আই পি এলৰ নামত লাখ লাখ টকাৰ জুৱা চলাই আছে ৷

Intro:আই পি এলৰ নামত চলিছে বৃহৎ জুৱা। নগাঁৱত উৎখাত হল আই পি এলৰ নামত চলি থকা জুৱাৰ এটা বৃহৎ ঘাটি। জালতো পৰিল এজন।

Body:চলি আছে ইণ্ডিয়ান প্ৰিমীয়াৰ লীগ চমুকৈ আই পি এল। আই পি এলক লৈ ঠায়ে ঠায়ে উৎসৱমুখৰ পৰিবেশ। কিন্তু তাৰ বিপৰীতে একাংশ দুষ্ট চক্ৰ লিপ্ত আই পি এলৰ নামতো অসামজাকি কাৰ্য্যত। ৰাজ্যৰ বহু ঠাইত আই পি এলৰ নামত আৰম্ভ হৈছে বৃহৎ জুৱা। নগাওঁ জিলাৰো বিভিন্ন প্ৰান্তত চলি আছে আই পি এলৰ নামত জুৱা। বুধবাৰে নিশা নগাওঁ আৰক্ষীয়ে অভিযান চলালে এটা জুৱাৰ ঘাটিত। নগাঁৱৰ হয়বৰগাওঁ শান্তিপূৰত অভিযান চলাই উৎখাত কৰে আই পি এলৰ এটা বৃহৎ ঘাটি। আই পি এলৰ খেল চলি থকাৰ সময়তে চলোৱা আৰক্ষীৰ অভিযানত আই পি এল জুৱাত জড়িত এজন যুৱকক আটক কৰাৰ লগতে জব্দ কৰে নগদ এক লাখ ২৪ হাজাৰ টকা, মোবাইল ফোন আদি। শান্তিপুৰৰ গোপাল সূত্ৰধৰৰ বাসগৃহতে চলি থকা জুৱাৰ ঘাটিৰ পৰা বিজু ঘোষ নামৰ যুৱকজনক আটক কৰে যদিও আন দুজনকৈ লোক পলাই সাৰিবলৈ সক্ষম হয়।
bite. dsp, মানস শইকীয়া,

Conclusion:উল্লেখযোগ্য যে আই পি এলৰ নামত জুৱাত জড়িত হৈ ইতিমধ্যে সৰ্বস্বন্ত হৈছে বহু লোক। বিশেষ সূত্ৰে জানিব পৰা মতে বহু ঠাইত কাউণ্টাৰ বহাই চলাই আছে আই পি এলৰ নামত লাখ লাখ টকাৰ জুৱা।
------------------- -----------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
৯-৫-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.