ৰহা,6 ডিচেম্বৰ: আভ্যন্তৰীণ কন্দলত জৰ্জৰিত হৈ পৰিছে ৰহা বিজেপি (BJP internal conflict) ৷ শেহতীয়াকৈ ৰহাত তুংগত উঠিছে জ্যেষ্ঠ বিজেপি কৰ্মী আৰু ন-বিজেপিৰে মুকলি সংঘাত । দলত ন-বিজেপিৰ আগ্ৰাসন আৰু একাংশ ন-বিজেপিয়ে সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে পুৰণি জ্যেষ্ঠ বিজেপি কৰ্মী ৷
ন-বিজেপি কৰ্মীৰ মইমতালিৰ বিৰুদ্ধে দেওবাৰে ৰহাত অনুষ্ঠিত হয় জ্যেষ্ঠ কাৰ্যকৰ্তা সভা (BJP meeting at Raha) ৷ এই সভাতে বিভিন্ন দলৰ পৰা আহি বিজেপিত যোগদান কৰা একাংশ ন-বিজেপিৰ বিৰুদ্ধে মুকলি ক্ষোভ উজাৰে জ্যেষ্ঠ বিজেপি কৰ্মীয়ে ৷ দলত যোগদান কৰা ন-বিজেপিৰ মাজত আদৰ্শগত তাৰতম্য ঘটা বুলিও অভিযোগ জ্যেষ্ঠ বিজেপি কৰ্মীৰ (Raha BJP internal conflict) ৷
শতাধিক বিজেপি কৰ্মীয়ে অংশ গ্ৰহণ কৰা এই সভাতে বিজেপিৰ জ্যেষ্ঠ নেতা সকলক স্মৰণ কৰাৰ লগতে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত সু-শাসন চলিছিল বুলি মন্তব্য জ্যেষ্ঠ বিজেপি কৰ্মীৰ ৷ সমান্তৰালভাৱে ন-বিজেপি কৰ্মীক জিলা সভাপতিকে ধৰি আন আন দ্বায়িত্ব প্ৰদান কৰাকলৈও মুকলি ক্ষোভ উজাৰে জ্যেষ্ঠ বিজেপি কৰ্মীয়ে (Raha BJP news)৷
লগতে ন-বিজেপি কৰ্মীৰ দলৰ প্ৰতি যি দ্বায়িত্ব বা আদৰ্শ থাকিব লাগে সেয়া নাই আৰু জ্যেষ্ঠ বিজেপি কৰ্মীক মূল বিষয় সমূহৰ পৰাও আঁতৰাই ৰখাৰ অভিযোগ উত্থাপন কৰে ৷ আন দলৰ পৰা আহি খোপনি পুতা ন-বিজেপি কৰ্মীয়ে দলৰ ভাৱমূৰ্ত্তি ম্লান কৰাৰো অভিযোগ জ্যেষ্ঠ বিজেপি কৰ্মীৰ ৷
আনহাতে, দলে যদি জ্যেষ্ঠ বিজেপি কৰ্মীক গুৰুত্ব প্ৰদান নকৰে তেন্তে বিজেপিয়ে বিপৰ্যয়ৰ সন্মুখীন হ’ব বুলিও মন্তব্য জ্যেষ্ঠ বিজেপি কৰ্মীৰ ৷ সময় থাকোঁতেই এই সন্দৰ্ভত পৰ্যালোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক আহ্বান জ্যেষ্ঠ বিজেপি কৰ্মী সকলৰ ৷
লগতে পঢ়ক: চৰকাৰে আমাৰ পেটৰ ভাতমুঠি মোকলাই দিয়ক