ETV Bharat / state

কলিয়াবৰত সদৌ অসম আন্তঃজিলা হকী চেম্পিয়নশ্বিপ আৰম্ভ

কলিয়াবৰত অনুষ্ঠিত হৈছে ১০ম সদৌ অসম ছাব-জুনিয়ৰ মহিলা আন্তঃজিলা হকী চেম্পিয়নশ্বিপ আৰু ১০ম আব্দুল জব্বৰ সদৌ অসম ছিনিয়ৰ পুৰুষ আন্তঃজিলা হকী চেম্পিয়নশ্বিপ । হকী কলিয়াবৰ, মিছা হকী একাডেমীৰ ব‍্যৱস্থাপনাত আৰু অসম হকীৰ উদ‍্যোগত বুধবাৰৰ পৰা হকী প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ।

কলিয়াবৰত সদৌ অসম আন্তঃজিলা হকী চেম্পিয়নশ্বিপ আৰম্ভ
কলিয়াবৰত সদৌ অসম আন্তঃজিলা হকী চেম্পিয়নশ্বিপ আৰম্ভ
author img

By

Published : Mar 10, 2021, 4:29 PM IST

কলিয়াবৰ,১০ মাৰ্চ: COVID-১৯ ৰ প্ৰ'ট'কল মানি নগাঁৱৰ কলিয়াবৰত বুধবাৰৰ পৰা অনুষ্ঠিত কৰা হৈছে দশম সদৌ অসম ছাব-জুনিয়ৰ মহিলা আন্তঃজিলা হকী চেম্পিয়নশ্বিপ আৰু দশম আব্দুল জব্বৰ সদৌ অসম ছিনিয়ৰ আন্তঃজিলা হকী চেম্পিয়নশ্বিপ । মহিলা আন্তঃজিলা হকী চেম্পিয়নশ্বিপত মুঠ ১০টা দলে অংশগ্ৰহণ কৰিছে আৰু পুৰুষ আন্তঃজিলা হকী চেম্পিয়নশ্বিপত ২০টা দলে অংশ লৈছে ।

কৰ'ণাসৃষ্ট সংকট কিছু পৰিমাণে কম হোৱাৰ পিছতে খেলৰ পৰিৱেশ পুনৰ গঢ়ি তোলাৰ উদ্দেশ্যেৰে আয়োজিত এই প্ৰতিযোগিতাক লৈ খেলুৱৈসকল উৎসাহিত হৈ পৰিছে । হকী ইণ্ডিয়াৰ কোষাধ‍্যক্ষ আৰু হকী অসমৰ সম্পাদক তপন কুমাৰ দাসে নৱেম্বৰ মাহত জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতা আয়োজন কৰাৰ কথা প্ৰকাশ কৰি কয় যে, এই প্ৰতিযোগিতাসমূহৰ জৰিয়তে অসমত হকী খেলৰ প্ৰচাৰ আৰু প্ৰসাৰ সফল হ'ব বুলি আশা কৰা হৈছে ।

কলিয়াবৰত সদৌ অসম আন্তঃজিলা হকী চেম্পিয়নশ্বিপ আৰম্ভ

এই খেলৰ পৰাই ৰাঁচীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় হকী খেলৰ বাবে খেলুৱৈ বাছনি কৰা হ'ব বুলি জানিবলৈ দিছে তপন কুমাৰ দাসে । প্ৰতিযোগিতাৰ উদ্বোধনী খেলত কলিয়াবৰ মহিলা দলে শদিয়া মহিলা দলক ৩-০ গ'লত পৰাস্ত কৰে ।

লগতে পঢ়ক: ধুবুৰীত উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.