ETV Bharat / state

Insects in paddy fields : চহা কৃষকৰ সোণোৱালী সপোনত পোকৰ ত্ৰাস

সোণোৱালী হৈছে ৰাজ্যৰ ধাননি পথাৰ । কিন্তু নগাঁৱৰ বিঘাই বিঘাই ধান খেতিক লৈ শংকিত হৈ পৰিছে কৃষক । কাৰণ সোণোৱালী ধাননিত এতিয়া একপ্ৰকাৰৰ ত্ৰাস চলিছে পোকৰ । এফালৰ পৰা তহিলং কৰিছে ধাননি পথাৰ । পোকৰ উপদ্ৰৱত এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে খাটি খোৱা কৃষকৰ । কিন্তু কোনো কাণষাৰ নাই বিয়াগোম কৃষি বিভাগৰ । এই অভিযোগ ভুক্তভোগী কৃষক ৰাইজৰ ৷

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 4:48 PM IST

Updated : Nov 10, 2023, 7:41 PM IST

Insects in paddy fields
সোণোৱালী হৈছে ৰাজ্যৰ ধাননি পথাৰ
চহা কৃষকৰ সোণোৱালী সপোনত পোকৰ ত্ৰাস

নগাঁও, 10 নৱেম্বৰ : কঁপালৰ ঘাম মাটিত পেলাই পকা ধানেৰে ভঁৰাল ভৰাৰ সপোন দেখিছে কৃষকে । পথাৰত গজালি মেলি পৰিবলৈ ধৰিছে সোণগুটি । কিন্তু ইয়াৰ মাজতেই নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলৰ সোণোৱালী ধাননি এতিয়া এফালৰ পৰা তহিলং হৈছে ।

অৱশ্যে পকা ধানৰ পথাৰত চলা নাই বনৰীয়া হাতীৰ উপদ্ৰৱ । ইয়াৰ বিপৰীতে এবিধ পোকে একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে সোণোৱালী ধাননি পথাৰত । এক অসহায় পৰিস্থিতিৰ সন্মুখীন হৈছে নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলৰ কৃষক ৰাইজ । বহু আশাৰে ৰোৱা ধান ডৰাত এতিয়া আতংকৰ সৃষ্টি কৰিছে এবিধ অচিনাকি পোকে ।

বিশেষকৈ নগাঁৱৰ ধিঙৰ বগৰীগুৰী পথাৰৰ দৃশ্যই চিন্তিত কৰিছে কৃষক ৰাইজৰ । মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা ধানডৰাৰ এনে দৃশ্য দেখি দিকবিদিক হেৰুৱাইছে দুৰ্ভগীয়া কৃষকসকল । কৃষকৰ সপোনৰ সোণোৱালী ধাননি পথাৰ এফালৰ পৰা তহিলং কৰিছে এইবিধ পোকে । ধানৰ থোক কাটি এক আতংকৰ সৃষ্টি কৰিছে এইসকল কৃষকৰ মাজত ।

পকিবলৈ আৰম্ভ হোৱা সময়তে ধানৰ থোক কাটি ধাননি পথাৰত উপদ্ৰৱ চলাইছে এই বিশেষ পোকবিধে । যাৰ বাবে কৃষকে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । কিন্তু এইসকল কৃষকৰ খবৰ ল’বলৈ যেন আহৰি নাই বিয়াগোম কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ । ইমানৰ পাচতো যেন ঘোৰ নিদ্ৰাত নগাঁও জিলা কৃষি বিভাগ । এই অভিযোগ ভুক্তভোগী কৃষক ৰাইজৰ ৷

কিন্তু এতিয়া প্ৰশ্ন হয় , কৃষি বিভাগ এটা থকাৰ পাচতো কৃষকৰ বিপদৰ সময়ত কাষত নাথাকে, তেন্তে কাৰ বাবে এই বিয়াগোম কৃষি বিভাগ ! নগাঁও কৃষি বিভাগৰ ওপৰতো ভৰসা হেৰুওৱা এইসকল কৃষকৰ বাবে এতিয়া যেন ভগৱানেই হৈ পৰিছে শেষ ভৰসা ।

লগতে পঢ়ক : Pottery industry in Assam : এশ বছৰ পুৰণি ডিব্ৰুগড়ৰ মাটিৰ চাকি বজাৰত মৃৎশিল্পীৰ ব্যস্ততা

Last Updated : Nov 10, 2023, 7:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.