বঢ়মপুৰ, 6 আগষ্ট: উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ সেই উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ বহুকে সেৱন কৰিছে শীতল পানীয় ৷ কিন্তু এই শীতল পানীয় খোৱাৰ সময়ত সাৱধান হওক আপুনিও ৷ কিয়নো শীতল পানীয়ৰ নামত আপুনি সেৱন কৰিব পাৰে বৰবিহো ৷ যিয়ে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিব পাৰে আপোনাৰ স্বাস্থ্যক ৷ তেনে এক ঘটনাই সংঘটিত হৈছে কামপুৰৰ এগৰাকী লোকৰ সৈতে ৷
কৰ'ণাত আক্ৰান্ত হৈ গুৱাহাচীত চিকিৎসাধীন হৈ আছিল কামপুৰৰ এগৰাকী লোক ৷ চিকিৎসাৰ অন্তত লোকগৰাকীয়ে ঘৰলৈ উভতাৰ পথত গুৱাহাটীৰে এখন দোকানৰ পৰা ক্ৰয় কৰিছিল এট ৰিয়েল জুচ ৷ ঘৰলৈ আহি পৰিয়ালৰ সৈতে সেই পানীয় সেৱন কৰাৰ সময়তে,পানীয়ৰ বটলৰ পৰা ওলাই পৰে এটা কুমজেলেকুৱা ৷ ইতিমধ্যেই লোকগৰাকীৰ মাতৃ আৰু পত্নীয়ে সেৱন কৰে পানীয় ৷ কিন্তু পৰৱৰ্তী সময়ত যেতিয়া লোকগৰাকীৰ কন্যা আৰু তেওঁ সেই পানীয় সেৱন কৰিবলৈ গিলাচত লয় তেতিয়াই এটা গিলাচত প্ৰত্যক্ষ কৰে বিষাক্ত কুমজেলেকুৱাটো ৷ সেই পানীয় সেৱন কৰাৰ পাচতে কিছু অসুস্থ হৈ পৰে লোকগৰাকীৰ মাতৃ আৰু পত্নী ৷ এই ঘটনাৰ পাচতে লোকগৰাকীয়ে সংবাদ মাধ্যমযোগে এনে শীতল পানীয়ৰ কোম্পানী সমূহৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় প্ৰশাসনক ৷
লগতে পঢ়ক: কৰ’ণা ৰোগীৰ খাদ্যত ওলাল কুমজেলেকুৱা