ETV Bharat / state

উদ্যোগৰ আৱৰ্জনাই অশনি সংকেত কঢ়িয়াইছে কৃষিক্ষেত্ৰলৈ

author img

By

Published : Sep 10, 2020, 4:30 PM IST

কলিয়াবৰৰ নলতলিৰ আঁৰিমৰা উদ‍্যোগিক চৌহদস্থিত উদ‍্যোগসমূহে সৃষ্টি কৰিছে ভয়ংকৰ পৰিৱেশৰ ৷ উদ্যোগসমূহৰ পৰা বৰ্জিত বিষাক্ত পানী তথা নিৰ্গত বিষাক্ত গেছে বিনষ্ট কৰিছে সমীপৰ পথাৰৰ বিঘাই-বিঘাই কৃষি ভূমি ৷

Industrial Chemicals and Gases Create Problems at Kaliabor nagaon assam etv bharat news
বাৰ্জাৰ পেইণ্টছ ইণ্ডিয়া

কলিয়াবৰ,10 ছেপ্তেম্বৰ: নগাঁৱৰ কলিয়াবৰৰ নলতলিৰ সমীপৰ আঁৰিমৰাত অসম ক্ষুদ্ৰ উদ‍্যোগ বিকাশ নিগমৰ উদ‍্যোগিক আন্তঃগাঁথনি কেন্দ্ৰত গঢ় লৈ উঠিছে বহুসংখ্যক সৰু-বৰ উদ‍্যোগ ৷ কেন্দ্ৰটোৰ চৌহদত 2017 চনত প্ৰতিষ্ঠা কৰা হৈছিল দেশৰ আগশাৰীৰ ৰঙৰ উৎপাদন প্ৰতিষ্ঠান বাৰ্জাৰ পেইণ্টছ ইণ্ডিয়াৰ এক উৎপাদন শাখা ৷ উক্ত শাখাটোৱে সংস্থাপন দিছিল বহুসংখ্যক স্থানীয় লোকক ৷ কিন্তু এতিয়া সেই উদ্যোগটোৱে প্ৰতিৱেশীৰ বাবে কঢ়িয়াই আনিছে বিপদ ৷ কিয়নো উক্ত শাখাটোৰ উৎপাদন কাৰ্য আৰম্ভ হোৱাৰ পিছত দেখা দিছে বিভিন্ন সমস্যাই ৷ প্ৰতিষ্ঠানটোৰ পৰা নিৰ্মাণকাৰ্যত ব্যৱহৃত হোৱাৰ পিছত বৰ্জিত পানী আৰু বিষাক্ত গেছে প্ৰতিৱেশীৰ বাবে সৃষ্টি কৰি আহিছে বিভিন্ন সমস‍্যাৰ ৷

Industrial Chemicals and Gases Create Problems at Kaliabor nagaon assam etv bharat news
বিনষ্ট কৃষিভূমি

উক্ত বিষয় সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ বিষয়াবৰ্গক স্থানীয় ৰাইজে অৱগত কৰাৰ পিছতো গ্ৰহণ কৰা নাই কোনো বিহিত ব্যৱস্থা ৷ ফলত বিগত প্ৰায় তিনি বছৰৰ পৰা অঞ্চলটোৰ কৃষিভূমিত ধান-মৰাপাটৰ উৎপাদন হ্ৰাস পাই আহিছে । তদুপৰি পোহনীয়া জীৱ-জন্তুৰ বাবেও অভাৱ ঘটিছে পৰ্যাপ্ত পৰিমাণৰ ঘাঁহৰ ৷ এই অৱস্থা দিনে-দিনে বৃদ্ধি হোৱাৰ ফলত পৰৱৰ্তী সময়ত কলিয়াবৰৰ পশ্চিমাঞ্চলত কৃষি আৰু কৃষকসকল বাৰুকৈয়ে প্ৰভাৱিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে ৷ সেয়ে স্থানীয় প্ৰশাসনক বিষয়টো অৱগত কৰি ৰাইজে সময় থাকোতে গুৰুত্ব আৰোপ কৰিবলৈ অনুৰোধ জনাইছে ৷

ৰাইজৰ সমস্যাৰ প্ৰতি আওকাণ উদ্যোগসমূহৰ

উল্লেখ্য যে,এনেবোৰ ৰাসায়নিক পদাৰ্থ বা গেছ নিৰ্গত কৰা উদ‍্যোগসমূহে ভাৰতীয় পৰিৱেশ নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিয়মানুসৰি কিছু ব‍্যৱস্থাৱলী গ্ৰহণ কৰি তাক পালন কৰিব লাগে । কিন্তু উদ‍্যোগসমূহৰ হেমাহিৰ লগতে পৰিৱেশ নিয়ন্ত্ৰণকাৰী চৰকাৰী বিভাগৰ সৈতে থকা গোপন বুজাবুজিৰ ফলত এই সমস্যা সম্পৰ্কে কোনো গুৰুত্ব আৰোপ কৰা নাই উদ্যোগসমূহে ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু প্ৰশাসনৰ তৰফৰ পৰা সদুত্তৰ লাভৰ আশা প্ৰকাশ কৰিছে ৷

লগতে চাওকঃ সভাপতি আসনক লৈ ন্যায়ালয়ৰ দাৰস্থ হ'ব অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.