ETV Bharat / state

নগাঁৱত চিত্ৰহাৰৰ নামত অবাধ বেহাই নষ্ট কৰিছে সামাজিক পৰিৱেশ

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিশেষকৈ পশ্চিমাঞ্চলত একাংশ অসাধু চক্ৰই অব্যাহত ৰাখিছে অসামাজিক কাম-কাজ । দিনক দিনে বৃদ্ধি পাই অহা অপৰাধজনিত ঘটনাত সাৰ-পানী জগোৱা এই দুষ্টচক্ৰক লৈ নীৰৱ আৰক্ষী প্ৰশাসন !!

author img

By

Published : Apr 3, 2019, 2:20 PM IST

চিত্ৰহাৰৰ নামত অবাধ বেহা

নগাঁও, 3 এপ্ৰিলঃ বিগত বৰ্ষত নগাঁও জিলাৰ বলিকটীয়াত জুৱাৰীৰ গুলিত নিহত হৈছিল এগৰাকী সৎ আৰক্ষী কনিষ্টবল। জিলাখনত অবৈধ জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ এইদৰে মৃত্যুক সাৱতি লৈছিল কনিষ্টবল অনিল দাসে । তেনে ঘটনাৰ এবছৰ হৈ গ'ল যদিও এতিয়ালৈকে সজাগ নহ'ল নগাঁও আৰক্ষী ।তেনে ঘটনাপুনৰাবৃত্তি হোৱাৰ আংশকাই দেখা দিছেজিলাখনৰ পশ্চিমাঞ্চলত।গাঁওবাসীৰ সৰলতাৰ সুযোগ লৈ একাংশ সমাজবিৰোধী চক্ৰই অঞ্চলটোত অব্যাহত ৰাখিছে সমাজবিৰোধী কাৰ্য্যকলাপ ।

চিত্ৰহাৰৰ নামত অবাধ বেহা

জিলাখনৰ ধিং সমষ্টিৰ ১নং বৰালিমাৰিত প্ৰশাসনৰ চকুৰ সন্মুখতেইঅব্যাহত আছে অসামাজিক কাৰ্যকলাপ । উচ্চস্তৰৰ উদ্দাম সংগীতৰ তালত অৰ্ধ উলংগ হৈ নৃত্য কৰিছে একাংশ মহিলা তথা যুৱতীয়ে । একাংশই চিত্ৰহাৰ নাম দি চলাই থকা ঘটনাস্থলীৰকাষতে অব্য়াহত ৰাখিছেজুৱাৰ মুকলি বেহা । ধিঙৰ এক অসাধু চক্ৰৰ ছত্ৰছায়াত চলি থকাঅশ্লীল নৃত্য আৰু জুৱাৰ মুকলি বেহাৰ ফলত অতিষ্ঠ হৈছে সাধাৰণ ৰাইজ ।

ধিঙৰ সচেতন ৰাইজ তথা বিভিন্ন দল সংগঠনে আৰক্ষী প্ৰশাসনক এই বিষয়ে বহুবাৰ জনোৱাৰ পাছটো স্থানীয় আৰক্ষীয়ে এই বিষয়ে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহ'ল । আনহাতে এই অসাধু চক্ৰৰ কৱলত পৰি ধ্বংস হৈছে অঞ্চলটোৰ বহু লোক তথা স্কুল-কলেজৰ শিক্ষাৰ্থী । বিগত বৰ্ষত তেনে এক চক্ৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল অনিল নাথ নামৰ আৰক্ষী কনিষ্টবলগৰাকীয়ে । কিন্তু ইমানৰ পিচটো এতিয়ালৈকে সচেতন নহ'ল আৰক্ষী তথা জিলা প্ৰশাসন ।

Intro:নগাঁও জিলাৰ পশ্চিমাঞ্চলত অৰ্ধ নগ্ন যুৱতীৰ অশ্লীল নৃত্য । চিত্ৰহাৰৰ নামত অবাধ জুৱাৰ মুকলি বেহা ৷ নিৰব আৰক্ষী প্ৰশাসন ।Body:অসামাজিক কাৰ্যৰ ঘাটিত পৰিনত নগাঁও জিলাৰ পশ্চিমাঞ্চল ৷ গাঁও অঞ্চলৰ লোকৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু চক্ৰয়ে অব্যাহত ৰাখিছে সমাজবিৰোধী কাৰ্য্যকলাপ ৷ অশ্লীল নৃত্য আৰু জুৱাৰ মুকলি বেহাই অতিষ্ঠ কৰি তুলিছে সাধাৰণ লোকক । এই দৃশ্যলৈ মন কৰক এইয়া নগাঁও জিলাৰ ধিং সমষ্টিৰ ১নং বৰালিমাৰিৰ দৃশ্য । উচ্চস্বৰে বজোৱা বিভিন্ন সংগীতৰ তালে তালে কেনেকৈ অৰ্ধ উলংগ হৈ নাচিছে যুৱক, যুৱতী মহিলাই ৷ এই নৃত্য চাবলৈ ভীৰ কৰিছে স্কুল কলেজৰ ছাত্রৰ লগতে বয়োজ্যেষ্ঠ জনেও ৷কেৱল এনে অশ্লীল নৃত্যই নহয় মঞ্চৰ কাষতে চলিছিল জুৱাৰ আন এক আড্ডা ৷ ১ং বৰালিমাৰিত এনেদৰেই এতিয়া নিতৌ চিত্ৰহাৰৰ নামতেই চলিছে এই বৃহৎ জুৱাৰ মুকলি বেহা ৷ ঝাণ্ডি, মুণ্ডি নামৰ জুৱা খেলটোৱে সৰ্বস্বান্ত কৰিছিল বহু লোকক ৷ ধিঙৰ এটা শক্তিশালী অসাধু চক্ৰই চলোৱা অশ্লীল নৃত্য আৰু জুৱাৰ মুকলি বেহাই অতিষ্ঠ কৰি তুলিলে সৰ্বসাধাৰণক ৷ এই সমাজ বিৰোধী চিত্ৰহাৰ, জুৱা বন্ধ কৰিবলৈ কেবাবাৰো ৰাইজৰ লগতে দল সংগঠনে দাবী জনাইছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে আৰক্ষীয়ে । এতিয়া প্ৰশ্ন হয় কাৰ আৰ্শীৰ্বাদত এনেকৈ নিতৌ দিনে নিশাই চিত্ৰহাৰৰ নামত অশ্লীল নৃত্য আৰু জুৱা খেলৰ অনুমতি প্রদান কৰিছে । এই সমাজ বিৰোধী চক্ৰটোৰ লগত নগাঁও আৰক্ষীয়ে আৰক্ষীয়ে গোপন বুজাবুজি কৰি দিছে নেকি অনুমতি ? যাক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ । উল্লেখ্য যে বিগত বছৰত নগাঁও জিলাৰ জুৰিয়াৰ বলিকটীয়াত জুৱাৰীৰ গুলীত এগৰাকী অসমীয়া আৰক্ষী নিহত হোৱাৰ পিছতো জুৱাৰ ঘাটিৰ বিৰুদ্ধে যুঁজিবলৈ আৰক্ষীৰ শক্তিৰ অভাৱ নে জুৱাৰ ঘাটি চলোৱা সকলৰ লগত আছে বুজাবুজি সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে ৷_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.