ETV Bharat / state

নগাঁৱত বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি বাহন জব্দ

author img

By

Published : Jul 30, 2020, 8:51 PM IST

নগাঁৱত বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি 3 খন বাহন জব্দ কৰা হয় ৷ এক গোপন সূত্ৰৰ পম খেদি বন বিভাগৰ অভিযানত জব্দ কৰা হয় বাহন কেইখন ৷ নগাঁৱৰ চামগুৰি কাঠপাৰাৰ পৰা জব্দ কৰে দুই লক্ষাধিক টকাৰ চোৰাং কাঠসহ তিনিখন বাহন । বন বিভাগৰ লোক অহাৰ উমান পাই বাহন 3 খনৰ চালক-হেণ্ডিমেন পলাবলৈ সক্ষম হয় বুলি বন বিভাগে জানিবলৈ দিয়ে ৷

ILLIGAL WOOD SIZED IN NAGAON
নগাঁৱত বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি বাহন জব্দ

নগাঁও, 30 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে নগাঁৱত বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি 3 খন বাহন জব্দ কৰা হয় ৷ গোপন সূত্ৰৰ পম খেদি বন বিভাগৰ অভিযানত জব্দ কৰা হয় বাহন কেইখন ৷ নগাঁৱৰ চামগুৰি কাঠপাৰৰাৰ পৰা জব্দ কৰে দুই লক্ষাধিক টকাৰ চোৰাং কাঠসহ তিনিখন বাহন ।

তথ্য অনুসৰি,কাৰ্বি আংলঙৰ পৰা কাঠখিনি সৰবৰাহ কৰাৰ সময়তে নগাঁও বন বিভাগে কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ বুধবাৰৰ নিশা নগাঁও বন বিভাগৰ বন বিষয়া শ্বামীম আখতাৰৰ নেতৃত্বত বন বিভাগৰ এটা দলে চোৰাং কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে, দুখন টাটা মোবাইল আৰু এখন বলেৰ' পিক আপ বাহন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে ৷ ইফালে,বন বিভাগৰ লোক অহাৰ উমান পাই বাহন 3 খনৰ চালক-হেণ্ডিমেন পলাবলৈ সক্ষম হয় বুলি বন বিভাগে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে,কাৰ্বি আংলঙৰ পাৰ্কুপ পাহাৰত বনজ সম্পদৰ অবাধ লুণ্ঠন সংঘটিত কৰি দীৰ্ঘদিনৰ পৰাই চোৰাং কাঠ সৰবৰাহ কৰাৰ অভিযোগ উখাপন হৈ আহিছে ৷

লগতে পঢ়ক : পিতৃ হোৱাৰ সৌভাগ্য লভিলে হাৰ্ডিক পাণ্ডিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.