ETV Bharat / state

কলিয়াবৰৰ কুঁৱৰীটোলত বৃহৎ পৰিমাণৰ চুলাই নষ্ট - কলিয়াবৰ আৰক্ষী

কলিয়াবৰৰ কুঁৱৰীটোলত বৃহৎ পৰিমাণৰ চুলাই (liquor) মদ জব্দ ৷ বৰ্তমানেও কলিয়াবৰৰ চুকে-কোণে অব্যাহত আছে নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন ৷

liquor seized at kaliabor
কলিয়াবৰত চুলাই নষ্ট
author img

By

Published : Aug 4, 2021, 7:56 PM IST

কলিয়াবৰ,4 আগষ্ট : কলিয়াবৰৰ কুঁৱৰীটোলত বুধবাৰে এঘৰৰ পৰা বৃহৎ পৰিমাণৰ চুলাই (liquor) মদ নষ্ট কৰে কলিয়াবৰ আৰক্ষী (Kaliabor Police)য়ে । আৰক্ষী তথা প্ৰশাসনৰ শেন চকুৰ মাজতে ক’ভিড (Covid)ৰ সময়চোৱাত ৰাজ্যত সক্ৰিয় হৈ আছে অসমাজিক চক্ৰ ৷ কলিয়াবৰৰ চুকে-কোণে বৰ্তমানেও অব্যাহত আছে অবৈধ সুৰাৰ লগতে নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন ৷

ক’ভিডৰ নতুন নীতি (SOP) উলংঘনকাৰী তথা চুলাই বেপাৰীৰ বিৰুদ্ধে ইতিমধ্যে সৰৱ হৈ উঠিছে আৰক্ষী তথা প্ৰশাসন ৷ এচাম গ্ৰাহকক লক্ষ্য কৰি সান্ধ্য আইন (Curfew)ৰ মাজতেই এচাম অসাধু ব্যৱসায়ীয়ে নিজ গৃহত গঢ়ি তুলিছে অবৈধ চুলাই মদৰ ঘাটি ৷

লগতে পঢ়ক : খাৰুপেটীয়াত অবৈধ চুলাইৰ বিৰুদ্ধে আবকাৰীৰ অভিযান

ইতিমধ্যে আৰক্ষীয়ে বহু চুলাইৰ ঘাটি উৎখাত আৰু বহু পৰিমাণৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু তথাপিও যেন সম্পূৰ্ণৰূপে নিচামুক্ত হ’ব পৰা নাই অসম ৷ প্ৰতিদিনে ৰাজ্যৰ ভিন্ন স্থানত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ সৈতে জড়িত বহু কেইজন ব্যৱসায়ীক আটক কৰি আহিছে যদিও আৰক্ষীৰ কঠোৰতাক কেৰেপ নকৰি এই বেহা চলাই গৈছে একাংশই ৷

কলিয়াবৰত চুলাই নষ্ট

ইয়াৰ পূৰ্বেও কলিয়াবৰত চুলাই মদসহ সৰবৰাহকাৰীক হাতে-লোটে কৰায়ত্ব কৰিছিল স্থানীয় ৰাইজে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতেই তৎপৰ হৈ পৰিছিল অসম আৰক্ষী (Assam Police) আৰু আবকাৰী বিভাগ (Exice Department) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ নিৰ্দেশৰ পাচত আবকাৰী বিভাগে ৰাজ্যজুৰি চুলাই মদৰ ঘাটিৰ বিৰুদ্ধে অভিযান অধিক তীব্ৰতৰ কৰা পৰিলক্ষিত হৈছে ।

ক’ভিড (Covid)ত আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চুলাই ঘাটিসমূহ যাতে ক’ভিড সংক্ৰমণস্থলীলৈ পৰিণত নহয়, তাৰ বাবে ব্যাপক অভিযান চলাইছে আবকাৰী বিভাগে । কলিয়াবৰৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আবকাৰী বিভাগে চলোৱা অভিযানত ইতিমধ্যে বহু চুলাই নষ্ট কৰা হৈছে ৷

লগতে পঢ়ক : মৰাণৰ চেপনত বৃহৎ পৰিমাণৰ চুলাই মদ বিনষ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.