বঢ়মপুৰ, 15 জুলাই : কামপুৰ গুইমাৰীত এখন ৰাজহুৱা বিলক লৈ টনা-আঁজোৰা ৷ বলপূৰ্বকভাৱে ৰাজহুৱা বিল দখল কৰিবলৈ নামি পৰিছে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ লগতে কেইবাজনো ৷ দীৰ্ঘ দিনৰ পৰা গুইমাৰীৰ ৰাইজৰ লগতে জনজাতীয় লোক সকলে বিল খনত মাছ ধৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল ৷ কিন্তু হঠাৎ বিলখনত পুখুৰী খান্দি নিজৰ দখললৈ আনি বিলখন আত্মসাৎ কৰাৰ বাবে উঠি পৰি লগাৰ অভিযোগ ৰুবুল দাসৰ বিৰুদ্ধে ৷ যাৰ বাবে বিলৰ পাৰত উপস্থিত হৈ ৰুবুল দাসক সকিয়নি দিলে ক্ষোভিত ৰাইজে ৷
জানিব পৰা মতে, বগলাজান গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ গুইমাৰী বিল খনত বিগত বহু বছৰ ধৰি মৎস্য চিকাৰ কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল গুইমাৰী গাঁৱৰ ৰাইজৰ লগতে জনজাতীয় লোক সকলে ৷ কিন্তু হঠাৎ বিলখনত চকু পৰিল একাংশ দুস্কৃতিকাৰীৰ ৷ বিলখনত চক্ৰান্ত কৰি পুখুৰী খান্দি নিজৰ দখললৈ আনি বিলখন আত্মসাৎ কৰাৰ বাবে উঠি পৰি লাগিছে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ লগতে একাংশ লোক ৷
যাৰ বাবে বিল খনৰ পাৰত উপস্থিত হৈ ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিলে গুইমাৰী গাঁৱৰ কেইবা শতাধিক জনজাতীয় পুৰুষ-মহিলাই ৷ বিলৰ পাৰতে দিলে ৰুবুল দাস মূৰ্দাবাদ ধ্বনি ৷ অনাগত দিনত যাতে বিলখনত কোনেও কু-দৃষ্টি নিদিয়ে তাৰ বাবে বিলৰ পাৰৰ পৰাই সকিয়াই দিয়ে জনজাতীয় লোক সকলে ৷
লগতে পঢ়ক : কাজিৰঙাৰ সোণালী বাঘক লৈ নতুন বিতৰ্ক !