নগাঁও, 2 মেঃনগাঁৱৰ চামগুৰিত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ। সদৰ আৰু শালনা বনবিভাগৰ অভিযানত বৃহস্পতিবাৰে জব্দ কৰে চোৰাং কাঠখিনি ৷ চোৰাং কাঠৰ লগতে এটা কাঠফলা মিলো জব্দ কৰিবলৈ সক্ষম হয় বনবিভাগে ৷
দীৰ্ঘদিন ধৰি আমবাগান কাঠপাৰাৰ আলাউদ্দিন নামৰ লোকজনে চলাই আহিছিল চোৰাং কাঠৰ বেহা ৷ আলাউদ্দিনৰ বাসভৱনৰ পৰা বনবিভাগে জব্দ কৰে লক্ষাধিক টকাৰ কাঠখিনি ৷ আনহাতে বনবিভাগৰ অভিযানৰ সময়ত পলায়ন কৰে অভিযুক্ত আলাউদ্দিনে ৷