ৰহা, 8 এপ্ৰিলঃ সোমবাৰে ৰহাৰ সৰিয়হতলীৰ কপিলী পাৰত বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ প্ৰায় 50 হাজাৰ টকা মূল্যৰ শাল আৰু চেগুন কাঠখিনি ধৰমতুল ৰেঞ্জৰ বন বিভাগৰ কৰ্মীসকলে উদ্ধাৰ কৰে ৷ কোনো চোৰাং বেপাৰীয়ে এই কাঠখিনি সেই ঠাইত লুকুৱাই থোৱা বুলি সন্দেহ কৰা হৈছে ৷ এই ঘটনাৰ লগত প্ৰহ্লাদ নাথ নামৰ এটা চোৰাং বেপাৰী জড়িত থকা বুলি সন্দেহ কৰিছে বন বিভাগে ৷
উল্লেখ্য যে, পূৰ্বেও বহুবাৰ এই ঠাইতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিছিল বন বিভাগে ৷ শেহতীয়াকৈ আমচৈ বনাঞ্চল তহিলং কৰা কেইবাটাও চোৰাং বেপাৰীয়ে ধৰমতুলৰ ৰেঞ্জাৰ সঞ্জীৱ বৰদলৈৰ ওচৰত আত্মসমৰ্পন কৰিছে যদিও একাংশই এতিয়াও এই ৰমৰমীয়া কাঠৰ ব্যৱসায় চলাই আছে ৷