ETV Bharat / state

ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া ব্যৱসায়

author img

By

Published : Sep 3, 2021, 9:16 PM IST

অসম আৰক্ষীৰ ব্যাপক অভিযান তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতো ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া ব্যৱসায় ৷ এইবাৰ নগাঁৱত জব্দ হৈছে দুখনকৈ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক ৷

illegal-trade-of-burmese-supari-continues-in-assam
ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া ব্যৱসায়

নগাঁও,3 ছেপ্তেম্বৰ: চৰকাৰ গঠন কৰিয়েই অবৈধ ব্যৱসায়, ছিণ্ডিকেট বন্ধ কৰি সংস্কাৰ সাধনৰ কথা কৈছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে মাত্ৰ এশটা দিন অতিক্ৰম কৰাৰ পিছতেই পোহৰলৈ আহিছে ৰাজ্যত অব্যাহত থকা বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া ব্যৱসায়ৰ তথ্য ৷ একাংশ চুপাৰি মাফিয়াই অতি ৰহস্যজনকভাৱে ৰাজ্যত অব্যাহত ৰাখিছে বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায় ৷ বিশেষকৈ মধ্য অসমত পুনৰ বাৰ্মিজ চুপাৰিৰ ব্যৱসায় আৰম্ভ কৰিছে একাংশ ব্যৱসায়ীয়ে ৷

এই বৃহৎ ব্যৱসায়ৰ নামত এক দালাল চক্ৰও সক্ৰিয় হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পিছে যিকোনো অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ পৰা সাৰি যাব পৰা নাই অবৈধ চুপাৰি ব্যৱসায়ী ৷ বৃহস্পতিবাৰে নিশা নগাঁৱত বাৰ্মিজ চুপাৰি ভৰ্তি দুখনকৈ ট্ৰাক জব্দ হোৱাৰ পিছতেই পোহৰলৈ আহিছে বাৰ্মিজ চুপাৰিৰ ব্যৱসায় চলি থকাৰ ভয়ংকৰ তথ্য ৷

বৃহস্পতিবাৰে নিশা নগাঁৱৰ ননৈ আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত তালাচী চলাই ৰাষ্ট্ৰীয় ঘাইপথৰ ননৈৰ পৰা বাৰ্মিজ চুপাৰি ভৰ্তি দুখনকৈ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ হোজাইৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত নগাঁৱৰ ননৈত জব্দ হয় AS 25AC 5516 আৰু AS O2E 5871 নম্বৰৰ ট্ৰাক দুখন ৷

ট্ৰাক দুখনৰ লগতে বাৰ্মিজ চুপাৰি সৰবৰাহৰ সন্দেহত আৰক্ষীয়ে দুজনকৈ লোকক আটক কৰিছে ৷ লোক দুজনক আটক কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ সম্প্ৰতি নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত লোক দুজনক ৷ আনহাতে জব্দ হোৱা চুপাৰি পৰীক্ষাৰ ব্যৱস্থা কৰিছে নগাঁও আৰক্ষীয়ে ৷ এতিয়া প্ৰশ্ন হয়,অবৈধ ব্যৱসায়, ছিণ্ডিকেটৰ বিৰুদ্ধে সষ্টম হৈ থকা চৰকাৰৰ দিনত কোনে চলাইছে বাৰ্মিজ চুপাৰিৰ ব্যৱসায় ? কাৰ সাহসত চলি আছে এই বাৰ্মিজ চুপাৰিৰ ব্যৱসায়।

লগতে পঢ়কঃ ৰঙিয়াৰ বালাগাঁৱত জব্দ নথি-পত্ৰ বিহীন ছাগলী ভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.