ETV Bharat / state

কলিয়াবৰত জব্দ বহিঃৰাজ্যৰ গাহৰি ভৰ্তি ট্ৰাক

কলিয়াবৰত জব্দ বহিঃৰাজ্যৰ গাহৰি ভৰ্তি দুখন ট্ৰাক ৷ উচ্চ ন্যায়ালয় আৰু ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ গাহৰি অসমলৈ অহাটো বন্ধ কৰি ৰখাৰ পাছতো ৰাজ্যত বহিঃ ৰাজ্যৰ গাহৰিৰে ব্যৱসায় চলিছে যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গাহৰি পালক সন্থাই ৷

author img

By

Published : Jul 14, 2021, 9:59 PM IST

Illegal Pig seized at Kaliabor
কলিয়াবৰত জব্দ বহিঃৰাজ্যৰ গাহৰি ভৰ্তি ট্ৰাক

কলিয়াবৰ, 14 জুলাই : বুধবাৰে কলিয়াবৰ জব্দ কৰা হৈছে বহিঃৰাজ্যৰ গাহৰি ৷ দুখন ট্ৰাকত বহিঃৰাজ্যৰ পৰা অসমলৈ অনা হৈছিল গাহৰিখিনি ৷ সদৌ অসম ক্ষুদ্ৰ গাহৰি পালক সন্থা সাধাৰণ সম্পাদক দেৱৰাজ স্বৰ্গীয়াৰী আৰু কলিয়াবৰ আঞ্চলিক সমিতিৰ সম্পাদক জিতু বড়োৰ নেতৃত্বত ৰাজপথত চলা এক অভিযান জব্দ কৰিবলৈ সক্ষম হয় গাহৰি খিনি ৷

এফালে কাল কৰ’ণাৰ সংহাৰ , আনফালে বহিঃৰাজ্যৰ গাহৰিৰ ফলত আফ্ৰিকান চুৱাইফ্লু হোৱাৰ সন্দেহ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ৷ যাৰ ফলত চৰকাৰে গাহৰি বিশেষকৈ বহিঃ ৰাজ্যৰ গাহৰি নিধনৰ এক নিৰ্দেশ জাৰি কৰিছিল ৷ যাৰ ফলত ক্ষুদ্ৰ গাহৰি পালক সকলৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল ৷

এক প্ৰকাৰে আৰ্থিক সংকটত পৰিছিল ক্ষুদ্ৰ গাহৰি পালক সকল ৷ কিন্তু ইয়াৰ মাজতে কলিয়াবৰত বহিঃৰাজ্যৰ গাহৰিৰ বাহন জব্দ কৰাত চিন্তিত হৈ পৰিছে গাহৰি পালক তথা গাহৰি ব্যৱসায়ী সকল ৷

দেৱৰাজ স্বৰ্গীয়াৰীয়ে সদৰি কৰা অনুসৰি, কলিয়াবৰৰ জখলাবন্ধাত উত্তৰ প্ৰদেশৰ পৰা অহা দুখনকৈ ট্ৰাক জব্দ কৰে ৷ লগতে ট্ৰাক দুখনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বহু সংখ্যক গাহৰি ৷ উত্তৰ প্ৰদেশৰ পৰা অহা ট্ৰাক দুখন বৰ্তমান জখলাবন্ধা থানাত ৰখা হৈছে ৷ কিন্তু এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে দেৱৰাজ স্বৰ্গীয়াৰী আৰু জিতু বড়োয়ে ৷ এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা ল’ব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ৷

উল্লেখ্য যে, সান্ধ্য আইন বা লক ডাউনৰ মাজতো বহিঃৰাজ্যৰ পৰা কেনেদৰে গাহৰি সৰবৰাহ হৈছে তাক লৈ প্ৰশ্ন উত্তাপন হৈছে সচেতন মহলত ৷ ইপিনে সদৌ অসম ক্ষুদ্ৰ গাহৰি পালক সন্থাৰ হৈ সাধাৰণ সম্পাদক দেৱৰাজ স্বৰ্গীয়াৰী আৰু কলিয়াবৰ আঞ্চলিক সমিতিৰ হৈ সম্পাদক জিতু বড়োয়ে বহিঃৰাজ্যৰ গাহৰি সৰবৰাহ সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৷

লগতে পঢ়ক: অসমত গো-মাংস বিক্ৰী বন্ধৰ দাবী জনালে এটা সংখ্যালঘু সংগঠনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.