ৰহা, 21 আগষ্ট: ৰহাত চোৰাং তেল ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ ৰহাৰ মনিপুৰটোপ শিঙিমাৰীত নগাঁও আৰু ৰহা আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং তেল ৷ এখন চোৰাং তেল টেংকাৰসহ দুখন বলেৰ' পিকআপ ভান, এখন টাটা ডিআই, এখন টাটা মেজিকৰ লগতে এখন ৱাগনাৰ গাড়ীৰ পৰা আৰক্ষীয়ে 34 টা তেল ভৰ্তি ড্ৰাম জব্দ কৰে ৷ নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ চলা অভিযানটোত, ৰহাৰ নখন্দা গাঁৱৰ মণ্টু ডেকা নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

লগতে পঢ়ক: ভয়ানক ৰূপত চাইবাৰ অপৰাধীৰ দলে জাল পাতিছে মধ্য অসমত