ETV Bharat / state

বটদ্ৰৱা আৰক্ষীৰ জালত অবৈধ কয়লাভৰ্তি ট্ৰাক - বটদ্ৰৱা আৰক্ষী

নগাঁৱৰ বটদ্ৰৱাত আৰক্ষীয়ে জব্দ কৰিছে এখন অবৈধ কয়লাভৰ্তি ট্ৰাক ৷ নাগালেণ্ডৰ পৰা মৈৰাবাৰি অভিমুখে অবৈধভাৱে কয়লা কঢ়িয়াই নি থকা অৱস্থাত আৰক্ষীৰ জালত পৰে ট্ৰাকখন ৷

Coal_ truck_ seized
বটদ্ৰৱা আৰক্ষীৰ জালত অবৈধ কয়লাভৰ্তি ট্ৰাক
author img

By

Published : May 19, 2021, 10:32 PM IST

চামগুৰি, 19 মে’ : ৰাজ্যজুৰি অব্যাহত সান্ধ্য আইনৰ মাজতে বুধবাৰে পুৱাতি নিশা বটদ্ৰৱা আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় এখন অবৈধ কয়লা ভৰ্তি ট্ৰাকখন । এই ট্ৰাকখন নাগালেণ্ডৰ পৰা মৈৰাবাৰি অভিমুখে অবৈধভাৱে কয়লা কঢ়িয়াই নি থকা অৱস্থাত নগাঁও -ধিং সংযোগী গড়কাপ্তানি পথৰ শান্তিজানৰ পৰা বটদ্ৰৱা আৰক্ষীয়ে জব্দ কৰে ৷

জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS01MC 7526 বুলি জানিব পৰা গৈছে । ইফালে,আৰক্ষীয়ে ট্ৰাকখনৰ সৈতে আটক কৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনক। অধিক তদন্তৰ বাবে বৰ্তমান চালক আৰু হেণ্ডিমেনক জেৰা অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে।

ইফালে, সম্প্ৰতি ৰাজ্যত চলি থকা কয়লা চিণ্ডিকেটৰ ঘটনাৰ মাজতে অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ হোৱাৰ ঘটনাই তাৎপৰ্য বহন কৰিছে ৷ এই ঘটনাৰ সৈতে এটা বৃহৎ চক্ৰ জড়িত থকাৰ সম্ভাবৱনীয়তাক নুই কৰিব নোৱাৰি বুলি আলোচিত হৈছে সচেতন মহলৰ মাজত ৷

লগতে পঢ়ক :আনন্দ মিশ্ৰই কঁপাইছে নগাঁৱৰ অপৰাধৰ ঘাটি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.