ETV Bharat / state

নগাঁৱৰ চামগুৰিত জব্দ অৰুণাচলী সুৰাভৰ্তি চাৰিখন ট্ৰাক

author img

By

Published : Feb 1, 2020, 10:59 AM IST

Updated : Feb 1, 2020, 11:05 AM IST

বৃহস্পতিবাৰে নিশা নগাঁৱৰ আমনিত কলিয়াবৰ আৱকাৰী বিভাগে চামগুৰি আৰক্ষীৰ সহযোগত জব্দ কৰে অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাককেইখন ৷

illegal arunachali wine seized
নগাঁৱৰ চামগুৰিত জব্দ অৰুণাচলী সুৰাভৰ্তি চাৰিখন ট্ৰাক

নগাঁও,1 ফেব্ৰুৱাৰীঃ নগাঁৱৰ চামগুৰিত জব্দ অৰুণাচলী সুৰাভৰ্তি চাৰিখনকৈ ট্ৰাক। বিগত কিছুদিন ধৰি নগাঁৱেৰে অব্যাহত আছিল অবৈধ অৰুণাচলী সুৰাৰ সৰবৰাহ। চক্ৰ বিষয়াৰ নিৰ্দেশত জব্দ হয় এই সুৰাভৰ্তি ট্ৰাক কেইখন। বিগত কিছুদিন ধৰি নগাঁৱৰ মাজেৰে অব্যাহত আছে অৰুণাচলী সুৰাৰ সৰবৰাহ। আৰক্ষী আৰু আৱকাৰী বিভাগৰ ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ বাবেই অবৈধ সুৰাৰ সৰবৰাহ অব্যাহত থকাৰ বিষয়টো চৰ্চিত হোৱাৰ সময়তে চামগুৰি চক্ৰ বিষয়াৰ নিৰ্দেশত জব্দ হ'ল অৰুণাচলী সুৰাভৰ্তি চাৰিখনকৈ ট্ৰাক। বৃহস্পতিবাৰ নিশা নগাঁৱৰ আমনিত কলিয়াবৰ আৱকাৰী বিভাগে চামগুৰি আৰক্ষীৰ সহযোগত জব্দ কৰে অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাককেইখন ৷

চামগুৰিৰ ৰাজহ চক্ৰ বিষয়াৰ স্বৰজমিন তদন্তৰ পাছত আটাইকেইখন অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে চাৰিজনকৈ চালকক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া বুলি সংবাদ মাধ্যমৰ জনায় নগাঁও জিলা আৱকাৰী বিষয়াগৰাকীয়ে। নথিপত্ৰত থকা ব্যাপক বিসংগতিৰ বাবেই জব্দ কৰা হ'ল সুৰা ভৰ্তি ট্ৰাক কেইখন। জানিব পৰা মতে, ট্ৰাক চাৰিখনে অৰুণাচলৰ নিৰিজুলিস্থিত "নেফা ব্ৰেৱাৰিছ প্ৰাইভেট লিমিটেড"ত প্ৰস্তুত কৰা "টুৰ্বগ আৰু চিম্বা ষ্ট্ৰং বিয়েৰ" ৰ মুঠ ৪৪০০টা কাৰ্টুন "নিউ ইণ্ডিয়ান ট্ৰাঞ্চপৰ্ট" নামৰ এটা পৰিবহন কোম্পানীয়ে বৃহস্পতিবাৰে নিশা মেঘালয় আৰু শিলচৰলৈ সুৰা সৰবৰাহৰ চেষ্টা চলাইছিল। উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও বৃহৎ পৰিমাণৰ সুৰাভৰ্তি ট্ৰাক জব্দ হৈছিল চামগুৰিত।

লগতে পঢ়কঃজিডিপিৰ হাৰ 6ৰ পৰা 6.5 শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনাঃ অৰ্থনৈতিক সমীক্ষা 2019-20

Intro:নগাঁৱৰ চামুগুৰিত জব্দ অৰুণাচলী সুৰাভৰ্তি চাৰিখনকৈ ট্ৰাক। বিগত কিছুদিন ধৰি নগাঁৱেৰে অব্যাহত অবৈধ অৰুণাচলী সুৰাৰ সৰবৰাহ। চক্ৰ বিষয়াৰ নিৰ্দেশত জব্দ সুৰাভৰ্তি ট্ৰাক। Body:বিগত কিছুদিন ধৰি নগাঁৱৰ মাজেৰে অব্যাহত আছে অৰুণাচলী সুৰাৰ সৰবৰাহ। আৰক্ষী আৰু আবকাৰী বিভাগৰ ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ বাবেই অবৈধ সুৰা সৰবৰাহ অব্যাহত থকাৰ বিষয়টো চৰ্চিত হোৱাৰ সময়তে চামুগুৰিত চক্ৰ বিষয়াৰ নিৰ্দেশত জব্দ হল অৰুণাচলী সুৰাভৰ্তি চাৰিখনকৈ ট্ৰাক। বৃহস্পতিবাৰ নিশা নগাঁৱৰ আমনিত কলিয়াবৰ আবকাৰি বিভাগে চামগুৰি আৰক্ষীৰ সহযোগত আবদ্ধ কৰা অবৈধ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক চাৰিখন যেন জব্দ কৰিবলৈ বাধ্য হল আৰক্ষী আৰু আবকাৰী বিভাগে । চামগুৰিৰ ৰাজহ চক্ৰ বিষয়াৰ স্বজমিন তদন্তৰ পিছত আটাইকেইখন অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক জব্দ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে চাৰিজনকৈ চালকক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া বুলি সংবাদ মাধ্যমৰ সন্মুখত স্বীকাৰ কৰে নগাঁও জিলা আবকাৰি বিষয়া গৰাকীয়ে। নথিপত্ৰত থকা ব্যাপক বিসংগতিৰ বাবেই জব্দ কৰা হ'ল সুৰা ভৰ্তি ট্ৰাক কেইখন। ইফালে ট্ৰাক চাৰিখনে অৰুণাচলৰ নিৰিজুলিস্থিত "নেফা ব্ৰেৱাৰিছ প্ৰাইভেট লিমিটেড"ত প্ৰস্তুত কৰা "টুৰ্বগ আৰু চিম্বা ষ্ট্ৰং বিয়েৰ"ৰ মুঠ ৪৪০০টা কাৰ্টুন "নিউ ইণ্ডিয়ান ট্ৰাঞ্চপৰ্ট" নামৰ এটা পৰিবহন কোম্পানীয়ে বৃহস্পতিবাৰে নিশা মেঘালয় আৰু শিলচৰলৈ সৰবৰাহৰ চেষ্টা চলাইছিল। উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও বৃহৎ পৰিমাণৰ সুৰাভৰ্তি ট্ৰাক জব্দ হৈছিল চামগুৰিত।
Bite: Excise Inspector, Nagaon.
--------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাঁও
৩১-১-২০ Conclusion:
Last Updated : Feb 1, 2020, 11:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.