ETV Bharat / state

চৰকাৰী ভূমিত কোন এওঁলোক ?

author img

By

Published : Jul 26, 2021, 4:11 PM IST

চামগুৰিৰ গটঙাস্থিত সামাজিক বনানীকৰণ(social forestry) ৰ চৰকাৰী গেজিং ৰিজাৰ্ভৰ ভূমিত বেদখল চলাইছে অঞ্চলটোৰ স্থায়ী ৰাইজৰ অপৰিচিত একাংশ লোকে । সমান্তৰালকৈ দিনকদিনে অঞ্চলটোত বৃদ্ধি পাইছে চোৰ-ডকাইতি তথা অসামাজিক ঘটনা ৷

illegal-acquisition-of-government-land-in-samoguri
চৰকাৰী ভূমিত কোন এওঁলোক ?

চামগুৰি, 26 জুলাই : বিভাগীয় অমনোযোগিতাৰ সুযোগ লৈ নগাঁৱৰ চামগুৰিত চলিছে চৰকাৰী ভূমি বেদখল(illegal acquisition of government land) কাৰ্য ৷ বিগত দহ-পোন্ধৰ বছৰে শতাধিক পৰিয়ালে চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি ঘৰ সাজি নিগাজীকৈ বসবাস কৰি অহাৰ পিছতো গা লৰা নাই সংশ্লিষ্ট বিভাগ তথা প্ৰশাসনৰ । অপৰিচিত লোকসকলে অবৈধভাৱে চৰকাৰী ভূমিত খোপনি পোতাক কেন্দ্ৰ কৰি এতিয়া চৰম অসন্তুষ্ট সমীপৱৰ্তী গাঁৱসমূহৰ ৰাইজ ।

উল্লেখ্য যে, চামগুৰি গটঙাস্থিত সামাজিক বনানীকৰণ(social forestry)ৰ চৰকাৰী গেজিং ৰিজাৰ্ভৰ ভূমিত বেদখল চলাইছে অঞ্চলটোৰ স্থায়ী ৰাইজৰ অপৰিচিত একাংশ লোকে । ধুবুৰী, মৰিগাঁও, জুৰীয়া, ৰূপহী আদি ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আহি প্ৰায় শতাধিক পৰিয়ালে ৰিজাৰ্ভখনৰ প্ৰায় ৫৫ বিঘা মাটি অবৈধভাৱে দখল কৰি ঘৰ-বাৰি সাজি উলিয়াইছে ৷ কেৱল ইমানেই নহয় এইসকল লোকে এতিয়া খেতিমাটিও দখল কৰা বুলি জানিব পৰা গৈছে ।

চৰকাৰী ভূমিত কোন এওঁলোক ?

লগতে পঢ়ক : আত্মগোপনৰ শেষত আৰক্ষীৰ জালত পৰিল বাবু

ইয়াক কেন্দ্ৰ কৰি এতিয়া চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে গটঙাৰ ৮ নং ৱাৰ্ড তথা সমীপৱৰ্তী ৰাইজে । প্ৰশাসন তথা বন বিভাগক এই বিশাল চৰকাৰী ভূমি বেদখলৰ বিষয়ে বহুবাৰ অৱগত কৰাৰ পিছতো আজিকোপতি অতি ৰহস্যজনকভাৱে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে ৰাইজে । এই অজ্ঞাত বেদখলকাৰী পৰিয়ালসমূহৰ বাবেই এতিয়াও নিতৌ বিভিন্ন শংকাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে স্থানীয় সমীপৱৰ্তী ৰাইজে ।

ৰাইজৰ অভিযোগ অনুসৰি, এই লোকসকলে ৰিজাৰ্ভখনত বসবাস কৰাৰ পিছৰে পৰা বৃহত্তৰ অঞ্চলটোত দিনকদিনে বৃদ্ধি পাইছে চোৰ-ডকাইতিৰ দৰে ঘটনা ৷ অতি মূল্যবান গছ-গছনি কাটি ধ্বংস কৰাৰ অভিযোগ উত্থাপিত হৈছে এই লোকসকলৰ বিৰুদ্ধে ৷ বিভিন্ন অসামাজিক কামত লিপ্ত হ'বলৈ লৈছে পৰিয়ালসমূহৰ বিভিন্নজন লোক । এই সকলোবোৰ ফল অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে ভোগ কৰিবলগীয়া হোৱাত এতিয়া সংশ্লিষ্ট বিভাগ তথা চৰকাৰক শীঘ্ৰেই চামগুৰিৰ গটঙাৰ এই চৰকাৰী ভূমি বেদখলমুক্ত কৰি ৰিজাৰ্ভখন সুৰক্ষিত কৰাৰ আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক : বিলাসীপাৰাৰ গৌৰাং নৈত জব্দ 1000 লিটাৰ খাৰুৱা তেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.