ETV Bharat / state

দায়িত্ববোধঃ বৰষুণকো আওকাণ কৰি কৰ্তব্য পালন আৰক্ষীৰ

author img

By

Published : Oct 23, 2020, 10:47 PM IST

পুলিচ ,খাকী পোচাকেৰে জনতাৰ সেৱাত ব্ৰতী হোৱা একাংশ কৰ্মচাৰী ৷ উচ্চ পদস্থ বিষয়াৰ পৰা গৃহৰক্ষীৰ জোৱান জনলৈ, প্ৰতিগৰাকী আৰক্ষীয়েই সেৱা কৰি যায় জনতাৰ ৷

nagaon police sets example of responsibility

নগাঁও, 23 অক্টোবৰ : শুকুৰবাৰে নগাঁৱত দায়িত্ববোধ দেখুৱালে আৰক্ষীয়ে ৷ কেইবাটাও কাৰ্যসূচী হাতত লৈ শুকুৰবাৰে পুৱাতেই নগাঁৱত উপস্থিত হয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ লগত আহে মন্ত্ৰী পীযুষ হাজৰিকাও ৷ মন্ত্ৰী অহাৰ বাবেই নগাঁও চহৰত দেখা গ’ল আৰক্ষীৰ এৰাব নোৱাৰা ব্যস্ততা ৷ কনিষ্টবলৰ পৰা শীৰ্ষ বিষয়া পৰ্যন্ত সকলো ব্যস্ত নিজ নিজ দায়িত্ব পালনত ৷

বৰষুণত তিতি কৰ্তব্য পালন আৰক্ষীৰ

চহৰখনত অনুষ্ঠিত হোৱা মন্ত্ৰীগৰাকীৰ অনুষ্ঠান লানিত যাতে কোনো বাধাৰ সৃষ্টি নহয়, তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিলে আৰক্ষী বাহিনীয়ে ৷ আনফালে বৃহস্পতিবাৰৰ নিশাৰ পৰাই নগাঁৱত নেৰানেপেৰা বৰষুণ ৷ কিন্তু বৰষুণলৈ ভ্ৰূক্ষেপ নাই এইসকল আৰক্ষীৰ ৷ বৰষুণত তিতি-বুৰিয়েই পালন কৰিছে নিজৰ কৰ্তব্য ৷

একাংশ দুৰ্নীতিগ্ৰস্ত আৰক্ষীয়ে অসম আৰক্ষীৰ খাকী পোচাকত ক'লা দাগ লগোৱাৰ চেষ্টা কৰিলেও, এনে একাংশ নিষ্ঠাৱান আৰক্ষীয়ে দেখুওৱা কৰ্তব্যনিষ্ঠাই অসম আৰক্ষীৰ প্ৰতি সজীৱ কৰি ৰাখিছে জনসাধাৰণৰ আস্থা ।

লগতে পঢ়ক : কাঁইটীয়া তাঁৰৰ বাহিৰত এখন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.