ETV Bharat / state

যৌতুকৰ বাবে স্বামীয়ে জীৱন্তে জ্বলালে পত্নীক !

হোজাইৰ মোৰাঝাৰত জঘন্য ঘটনা । যৌতুকৰ বাবেই স্বামীৰ বিৰুদ্ধে পত্নীক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ। প্ৰায় ৯০ শতাংশ অগ্নিদগ্ধ হৈ চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে নৱবিবাহিতাই ।

author img

By

Published : May 3, 2020, 2:55 PM IST

husband burnt his wife
husband burnt his wife

নগাঁও, 3 মে' : এটা জঘন্য ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাৰ মোৰাঝাৰ অঞ্চলত । স্বামীগৃহত জীৱন্তে জ্বলাই দিয়া হ'ল এগৰাকী নৱবিবাহিতাক ৷ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত মেথি গাঁও ৰিজাৰ্ভত সংঘটিত হৈছে এই পৈশাচিক কাণ্ড ৷

মাত্ৰ তিনিমাহ পূৰ্বে ইমৰাণ হুছেইন নামৰ যুৱকজনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল 19 বছৰীয়া যুৱতীগৰাকী ৷ কিন্তু অভিযোগ অনুসৰি বিয়াৰ পাচৰ পৰাই স্বামীগৃহত যৌতুকৰ বাবে শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হৈছিল নৱবিবাহিতা গৰাকী ৷

যৌতুকৰ বাবে স্বামীয়ে জীৱন্তে জ্বলালে পত্নীক !

দেওবাৰে পুৱা স্বামী ইমৰাণে হত্যাৰ পৰিকল্পনাৰে পত্নীক জীৱন্তে জ্বলাই দিয়া বুলি অভিযোগ তুলিছে অগ্নিদগ্ধ বোৱাৰীগৰাকীৰ পৰিয়ালে ৷ শৰীৰৰ প্ৰায় ৯০ শতাংশ অগ্নিদগ্ধ হোৱা বোৱাৰীগৰাকীক পৰিয়ালৰ লোকৰ লগতে আৰক্ষী আৰু হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ লোকে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে । স্বামীয়ে জ্বলাই দিয়া বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে বোৱাৰীগৰাকীয়ে । স্বামীৰ লগতে বোৱাৰীগৰাকীৰ শাহুৱেকৰ বিৰুদ্ধেও নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক : ৰমজানৰ মাজতে দুই ফৈদৰ সংঘৰ্ষত জ্বলিল মছজিদ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.