ETV Bharat / state

Extramarital Affairs news : এজন অট’ৱালা, এটা চৰকাৰী চাকৰি আৰু এটা অবৈধ সম্পৰ্কৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 3:08 PM IST

এজন অট’ৱালা আৰু চৰকাৰী চাকৰি লাভ কৰা পত্নীৰ সংঘাতে এতিয়া লাভ কৰিছে ব্যাপক চর্চা । পত্নীৰ চৰকাৰী চাকৰি লাভৰ পিচতেই এখন সুখৰ সংসাৰত আৰম্ভ হয় সংঘাতৰ । স্বামী পত্নীৰ অভিযোগ প্রতি অভিযোগে লাভ কৰিছে সংবাদ শিৰোনাম । পত্নীৰ বিৰুদ্ধে পৰকীয়া প্ৰেমৰ অভিযোগ স্বামীৰ ৷ স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ পত্নীৰ । প্রকৃততে কোন সঁচা কোন মিছা ?

Extramarital Affairs news
হঠাৎ থান বান হৈ গ'ল এখন সুখৰ সংসাৰ

হঠাৎ থান বান হৈ গ'ল এখন সুখৰ সংসাৰ

নগাঁও, 28 ছেপ্টেম্বৰ : হঠাৎ থান বান হৈ গ'ল এখন সুখৰ সংসাৰ । এখন সুখৰ সংসাৰ আছিল নগাঁৱৰ উৰীয়াগাঁৱৰ এজন যুৱকজনৰ । পেছাত তেওঁ এজন অট’ চালক । হ’লেও এখন সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল যুৱকজনে । বিয়া পাতিছিল নগাঁও জিলাৰে দক্ষিণপাটৰ এইগৰাকী যুৱতীক । আৰম্ভ কৰিছিল সংসাৰ ।

সংসাৰৰ মায়া মমতাত ডুব যোৱা যুৱকজনৰ সপোন আছিল পত্নীক এটা চৰকাৰী চাকৰিত মকৰল কৰাৰ । পত্নীয়েও আৰম্ভ কৰিছিল প্ৰস্তুতি । অৱশেষত সেয়া সফল হ'ল । নগাঁৱৰ পৰা গুৱাহাটীলৈ গৈ সাক্ষাৎকাৰত অৱতীৰ্ণ হৈ এটা চৰকাৰী চাকৰি লাভ কৰিলে পত্নীয়ে । অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে বৰপেটা জিলাত চাকৰিত যোগদান কৰিলে পত্নীয়ে ।

আৰু তাৰ পিচৰ পৰাই যুৱকজনৰ সপোনত লাগিল আউল । কৰ্মসূত্ৰে পত্নী থাকিবলৈ আৰম্ভ কৰিলে বৰপেটাত, যুৱকজন থাকে নগাঁৱত । লাহে লাহে ফাঁট মেলিবলৈ আৰম্ভ হ'ল দুয়োৰে পবিত্ৰ সম্পৰ্কত । বহু কষ্টৰে পত্নীক অধ্যয়নৰ সুবিধা কৰি দিয়াৰ পৰা চাকৰি সাক্ষাৎকাৰ দিয়ালৈকে বহু অৱদান থকাৰে দাবী স্বামীৰ ।

কিন্তু পত্নীৰ বিপৰীত ভাষ্য । চৰকাৰী চাকৰি নকৰিবলৈ হেনো স্বামীয়ে বাৰম্বাৰ দি আহিছিল ভাবুকি । আনকি চাকৰি লাভ কৰাৰ তিনিমাহ ধৰিয়েই নানা মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে । পত্নীয়ে কৰ্মৰত কাৰ্যালয়ৰে এজন বৰবাবুৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ সন্দেহৰ বীজ ৰোপন হয় স্বামীৰ মনত ।

মাত্ৰ দুটা দিন পূৰ্বে হঠাৎ স্বামী গৈ উপস্থিত হয় বৰপেটাৰ জিলাত পত্নী থকা ভাড়াঘৰত । তাতেই স্বামীয়ে পত্নীৰ সৈতে প্ৰত্যক্ষ কৰিলে সন্দেহ কৰা বৰবাবুজনক । ম’বাইলত আৱদ্ধ কৰিলে এটা ভিডিঅ’ । স্বামীৰ স্পষ্ট অভিযোগ বৰবাবুজনৰ সৈতেই আছে পত্নীৰ অবৈধ সম্পৰ্ক ।

অভিযোগ সম্পূৰ্ণ নস্যাৎ পত্নীৰ । নিজ ঘৰৰ পৰা বহু দূৰৈত থকাৰ বাবেই আপদে বিপদে সহায়ৰ হাত হেনো আগবঢ়ায় অভিযুক্ত বৰবাবুজনে । আৰু স্বামী উপস্থিত হোৱাৰ দিনাও স্বামীৰ সৈতে মুখামুখি কথা পাতি সকলো সন্দেহ দূৰ কৰিবলৈহে বৰবাবুজনক মাতি অনা বুলি দাবী পত্নীৰ ।

আৰু অৱশেষত স্বামীৰ সৈতে সকলো সম্পৰ্কই শেষ বুলি সংবাদ মাধ্যমৰ সন্মুখতেই স্পষ্ট কৰিলে চৰকাৰী চাকৰিত নিয়োজিত পত্নীয়ে । মুঠৰ ওপৰত অভিযোগ প্ৰতি অভিযোগেৰেই যেন শেষ হ'ল এটা পবিত্ৰ সম্পৰ্ক । এটা চৰকাৰী চাকৰি, অবৈধ প্ৰেমৰ অভিযোগে থানাবান কৰিলে অট’ৱালাৰ ৰঙীন সপোন ।

লগতে পঢ়ক : Save Deepar Beel: পৰিভ্ৰমী পক্ষীৰ লগতে দীপৰ বিলত হ্ৰাস থলুৱা চৰাইৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.