ETV Bharat / state

কঠিয়াতলীত বিদ্যুত বিভাগৰ কাৰ্যালয়ত উত্তেজনা

বিদ্যুত বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ কঠিয়াতলীবাসী ৷ নগাঁৱৰ কঠিয়াতলীৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত সংঘটিত হৈছে এনে ঘটনা ৷ অভিযোগ লাভ কৰাৰ পিছতো প্ৰায় 15 দিনে বিকল হৈ থকা এটা ট্ৰেন্সফ’ৰ্মাৰ মেৰামতি নকৰাত বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কঠিয়াতলীবাসীয়ে ৷

Hungama in power department office in Kathiatali nagaon assam etv bharat news
কঠিয়াতলীৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত উত্তেজনা
author img

By

Published : Oct 19, 2020, 11:22 AM IST

বঢ়মপুৰ,19 অক্টোবৰ: অসম চৰকাৰৰ বিয়াগোম বিদ্যুত বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ ৰাজ্যৰ এটা অঞ্চলৰ জনসাধাৰণ ৷ নগাঁৱৰ কঠিয়াতলীৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত সংঘটিত হৈছে এনে ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, অঞ্চলটোত বিগত 18 দিনৰ পৰা বিকল হৈ আছিল এটা ট্ৰেন্সফ’ৰ্মাৰ ৷ বিষয় সন্দৰ্ভত সৰুপথাৰৰ মুগাছিঙাবাসীয়ে বহু আবেদন-নিবেদন কৰিও লাভ নকৰিলে কোনো সুফল ৷ উপায়বিহীন ৰাইজে এই সমস্যা সমাধানৰ দাবীত কাষ চাপে যমুনামুখ সমষ্টিৰ বিধায়কৰ ওচৰত ৷ বিধায়কগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক ট্ৰেন্সফ’ৰ্মাৰ সলনি কৰিবলৈ লিখিতভাৱে নিৰ্দেশ দিয়াৰ পিছতো কিন্তু সমাধান নহ’ল এই সমস্যা ৷ অৱশেষত ক্ষুব্ধ ৰাইজে বিদ্যুত বিভাগৰ কাৰ্যালয়টো ঘেৰাও কৰি উত্তাল কৰি তোলে পৰিৱেশ ৷

Hungama in power department office in Kathiatali nagaon assam etv bharat news
কঠিয়াতলীৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত উত্তেজনা

আনহাতে,উপস্থিত ৰাইজক কাৰ্যালয়টোত কৰ্মৰত শৈলেন বৰদলৈ নামৰ ব্যক্তিজনে অভব্য আচৰণ কৰাৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ ৷ বৰ্মনে ঘটনাস্থলীত উপস্থিত সাংবাদিককো দুৰ্বৱহাৰ কৰাৰ লগতে কেমেৰা বন্ধ কৰিবলৈ ধমকি প্ৰদান কৰে ৷ কৰ্মচাৰীগৰাকীৰ এনে আচৰণৰ ফলতে অধিক উত্তেজিত হৈ পৰে ৰাইজ ৷ কিন্তু সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে শৈলেন বৰ্মন নামৰ কৰ্মচাৰীগৰাকীয়ে ৷ অৱশেষত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷

লগতে চাওকঃ উত্তেজনা অব্যাহত অসম-মিজোৰাম সীমান্তত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.